পুনৰ কাৰাগাৰৰ অন্ধ কুঠৰীত দিন কটাব লাগিব বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱে ৷ পশু খাদ্য কেলেংকাৰীৰ গোচৰত দোষী সাৱ্যস্ত কৰা হৈছে লালু প্ৰসাদক ৷ ঝাৰখণ্ডৰ ৰাঁচীৰ এখন বিশেষ চিবিআই আদালতে তেওঁক এই গোচৰত দোষী সাৱ্যস্ত কৰিছে ৷ তেওঁৰ বিৰুদ্ধে ৰুজু হৈ থকা পঞ্চমটো পশুখাদ্য কেলেংকাৰীৰ গোচৰত আজি দোষী সাৱ্যস্ত কৰিছে আদালতে ৷ দোৰাণ্ডা কোষাগাৰৰ পৰা ১৩৯.৩৫ কোটি টকা অবৈধভাৱে উলিওৱাৰ বাবে তেওঁক দোষী সাব্যস্ত কৰা হৈছিল ৷
আজি গোচৰটোৰ শুনানিৰ সময়ত আদালতত সোঁ-শৰীৰে হাজিৰ থাকে লালু প্ৰসাদ যাদৱ ৷ আন ৯৮ জন অভিযুক্তৰ ২৪ জনক নিৰ্দোষী বুলি ৰায় দিছে আদালতে ৷ তদুপৰি ৩৫ জনক তিনি বছৰৰ কাৰাদণ্ড দিয়া হৈছে ৷ কাৰাদণ্ড বিহাসকলৰ ভিতৰত আছে প্ৰাক্তন সাংসদ জগদীশ শৰ্মা আৰু তেতিয়াৰ ৰাজহুৱা হিচাপ সমিতিৰ (পিএচি) অধ্যক্ষ ধ্ৰুৱ ভগত। অৱশ্যে লালু যাদৱৰ শাস্তি অহা ২১ ফেব্ৰুৱাৰীত ঘোষণা কৰিব আদালতে ৷ ৯৫০ কোটি টকীয়া পশুখাদ্য কেলেংকাৰী সম্পৰ্কীয় আন চাৰিটা গোচৰত লালু প্ৰসাদ যাদৱক ইতিমধ্যে দোষী সাব্যস্ত কৰা হৈছে ৷ চাইবাচা কোষাগাৰৰ পৰা ৩৭.৭ কোটি আৰু ৩৩.১৩ কোটি, দেওঘৰ কোষাগাৰৰ পৰা ৮৯.২৭ কোটি আৰু দুমকা কোষাগাৰৰ পৰা ৩.৭৬ কোটি টকা অবৈধভাৱে উলিয়াইছিল লালু প্ৰসাদে ।২০১৮ চনত দুমকা গোচৰত দোষী সাব্যস্ত কৰঅ লগতে তেওঁক ৬০ লাখ টকা জৰিমনাও বিহা হৈছিল।পূর্বৰ গোচৰত তেওঁক মুঠ ১৪ বছৰৰ কাৰাদণ্ড দিয়া হৈছে ৷ তেওঁৰ শাস্তিৰ অংশ হিচাপে তিনি বছৰৰো অধিক কাল কাৰাগাৰত অতিবাহিত কৰিছে।