বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ নাম সাঙোৰ খাই পৰা তথা মুম্বাইৰ বিলাসী জাহাজত ড্ৰাগছ উদ্ধাৰৰ গোচৰৰ স্বতন্ত্ৰ সাক্ষী প্ৰভাকৰ চেইলৰ শুকুৰবাৰে বিয়লি মৃত্যু ঘটে ৷ হৃদৰোগত আক্ৰান্ত মাহুল অঞ্চলত থকা তেওঁৰ ভাড়াঘৰত মৃত্যু হয় গোচৰটোৰ তদন্তকাৰী সংস্থা এন চি বিৰ স্বতন্ত্ৰ সাক্ষী চেইলৰ ৷ তেওঁৰ অধিবক্তা তুষাৰ খাণ্ডাৰে চেইলৰ মৃত্যুৰ তথ্য নিশ্চিত কৰি কয় যে তেওঁৰ মৃত্যুৰ আঁৰত কোনোধৰণৰ সন্দেহ ব্যক্ত কৰা নাই পৰিয়ালে ৷ চেইলে মৃত্যুৰ সময়ত মাতৃ, পত্নী আৰু দুটা সন্তানক এৰি থৈ গৈছে ৷
বিলাসী জাহাজত ড্ৰাগছ উদ্ধাৰৰ গোচৰৰ আন এজন সাক্ষী কেপি গোছাৱীৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী আছিল চেইল ৷ গোচৰটোত বলিউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক প্ৰথম গ্ৰেপ্তাৰ কৰা হৈছিল ৷ তদুপৰি আৰিয়ানৰ কেইবাজনো বন্ধুক এই গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল ৷ ইতিমধ্যে গোচৰটোত জামিন লাভ কৰিছে আৰিয়ানে ৷