সলনি হ’ল অন্ধ্ৰ প্ৰদেশৰ প্ৰশাসনিক মানচিত্ৰ ৷ দুগুন বৃদ্ধি কৰা হ’ল ৰাজ্যখনৰ জিলাৰ সংখ্যা ৷ আজি ৰাজ্যখনত নতুনকৈ আন ১৩ খন জিলা সৃষ্টি কৰা হয় ৷ ইয়াৰ লগে লগে অন্ধ্ৰ প্ৰদেশত জিলাৰ সংখ্যা ২৬ খনলৈ বৃদ্ধি পালে ৷ ৰাজ্যখনৰ শাসন আৰু জনসাধাৰণক সেৱা প্ৰদান প্ৰক্ৰিয়া অধিক উন্নত কৰাৰ লক্ষ্যৰে চৰকাৰে নতুন জিলাৰ সৃষ্টি কৰিছে ৷ মুখ্যমন্ত্ৰী ৱাই এছ জগন মোহন ৰেড্ডীয়ে বৈদিক পুৰোহিতসকলৰ দ্বাৰা নিৰ্ধাৰিত এক “শুভ মুহুৰ্ত” অনুসৰি পুৱা এক ভাৰ্চুৱেল অনুষ্ঠানৰ জৰিয়তে নতুন জিলাসমূহ মুকলি কৰে।
ৰেড্ডীয়ে ২০১৯ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই থকা সময়ত প্ৰতিশ্ৰুতি দিছিল যে তেওঁৰ দল যদি ক্ষমতালৈ আহে, তেন্তে ২৫ টা লোকসভা সমষ্টিৰ প্ৰতিটোক এখন জিলা হিচাপে গঢ়ি তুলিব।
মুখ্যমন্ত্ৰী গৰাকীয়ে পিছপৰা জনজাতীয় অঞ্চলসমূহৰ ওপৰত অধিক গুৰুত্ব অৰোপ কৰিব বিচাৰে ৷ যাৰ বাবে আৰাকুৰ বাহিৰে প্ৰতিখন জিলা এতিয়া সংসদীয় সমষ্টিৰ সৈতে একে হ’ব ৷
নতুন জিলাসমুহত আৰক্ষী বিষয়া আৰু চৰকাৰী বিভাগৰ কার্যালয় একেটা চৌহদত থাকিব ৷ নতুন জিলা সৃষ্টিক লৈ অধিসূচনাৰ খচৰা জানুৱাৰীত মুকলি কৰা হৈছিল ৷ যাৰ পিছত ১৭০০০ ৰো অধিক লোকে পৰামৰ্শ প্ৰদান কৰিছে ৷ অন্ধ্ৰ প্ৰদেশৰ মন্ত্ৰী পৰিষদ বৃহস্পতিবাৰে পুৱা ১১ বজাত বৈঠকত মিলিত হ’ব আৰু প্ৰশাসনিক পুনৰ গঠনৰ ক্ষেত্ৰত নতুন সিদ্ধান্ত গ্ৰহণ কৰিব ৷