জনপ্ৰিয় ছছিয়েল মিডিয়া টুইটাৰৰ মালিক হ’ল বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এলন মাস্ক ৷ টুইটাৰ ইনকৰ্পৰেশ্যনক ৪৪ বিলিয়ন ডলাৰৰ বিনিময়ত তেওঁ ক্ৰয় কৰে ৷ ছমাহ ধৰি চলি থকা ৰাজহুৱা আৰু আইনী বিতৰ্কৰ অন্তত বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিজনে টুইটাৰ ক্ৰয় কৰে ৷
মাস্কে টুইটাৰ ক্ৰয় কৰাৰ পাছতে একাংশ শীর্ষ বিষয়াক বর্খাস্ত কৰে ৷ ইয়াৰ ভিতৰত আছে মুখ্য কাৰ্যবাহী বিষয়া পৰাগ আগৰৱালা; আইনী, নীতি আৰু ট্ৰাষ্টৰ মুৰব্বী বিজয়া গাড্ডে; ২০১৭ চনত টুইটাৰত যোগদান কৰা মুখ্য বিত্তীয় বিষয়া নেড চেগাল আৰু ২০১২ চনৰ পৰা টুইটাৰত সাধাৰণ অধিবক্তা হিচাপে কৰ্মৰত শ্বেন এডজেট ৷
প্ৰাপ্ত তথ্য অনুসৰি শ্বেয়াৰহোল্ডাৰসকলক প্ৰতি শ্বেয়াৰত ৫৪.২০ ডলাৰ দিয়া হ’ব ৷ তদুপৰি টুইটাৰে এতিয়া ব্যক্তিগত কোম্পানী হিচাপে কাম কৰিব। যোৱা ৪ অক্টোবৰত মাস্কে তেওঁৰ প্ৰথমে প্ৰস্তাৱিত চৰ্ত অনুসৰি ডেলাৱেৰ চান্সেৰী আদালতৰ ন্যায়াধীশে দুয়োপক্ষক চুক্তিখন সমাপ্ত কৰিবলৈ ২৮ অক্টোবৰলৈকে সময় দিয়ে। সেই সময়সীমা পূৰণ হোৱাৰ পাছত টেছলা ইনকৰ্পৰেশ্যন আৰু স্পেচএক্স দুয়োটাৰে চিইঅ’ মাস্কে টুইটাৰৰ সেৱা অধিক আকর্ষণীয় কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছে।
মাস্কে মালিকীস্বত্ব লাভ কৰাৰ লগে লগে টুইটাৰৰ যথেষ্ট সালসলনি হোৱাৰ সম্ভাৱনা আছে ৷ কিয়নো টুইটাৰে যিধৰণে সেৱা আগবঢ়াই আহিছে তাকলৈ মাস্কে অসন্তুষ্টি প্ৰকাশ কৰি আহিছে ৷ তেওঁ টুইটাৰত সকলোৰেমনৰ ভাৱ প্ৰকাশ কৰিব পৰা মুকলি মঞ্চ হ‘ব লাগে বুলি প্ৰকাশ কৰি আহিছে ৷সম্ভৱতঃ টুইটাৰত পূর্বে বিভিন্ন মন্তব্য প্ৰকাশ কৰাৰ ক্ষেত্ৰত থকা কঠোৰ নীতি নিয়ম আতঁৰি যাব ৷