পৃথিৱীত এনে বহুতো কাম আছে যিবোৰ অতি বিপদজনক ৷ কিন্তু তথাপিও মানুহে ইয়াক তেওঁলোকৰ বৃত্তি হিচাপে গ্ৰহণ কৰে ৷ ইয়াৰ কাৰণ হ’ল তেওঁলোকে এই কৰ্মৰ পৰা ভাল উপাৰ্জন কৰিব পাৰে । অৱশ্যে জীৱন মৰণৰ আশংকাৰ মাজত বিপদজনক পৰিস্থিতিত এনে কাম কৰিবলাগীয়া হোৱাৰ বাবেই এই বৃত্তি সমূহৰ সৈতে জড়িত লোকসকলক অধিক মাননি প্ৰদান কৰা হয় ৷ তেনে বহুকেইটা বৃত্তিৰ ভিতৰত কেইটামান বিপদজনক অথচ ভাল উপাৰ্জন কৰিব পৰা বৃত্তিৰ বিষয়ে জানোচোন আহক –
বাণিজ্যিক ডুবাৰু – এই বৃত্তিত এজন ব্যক্তিয়ে গভীৰ সাগৰত বহু প্ৰকাৰৰ বিপদজনক কাম সম্পূৰ্ণ কৰিব লগীয়া হয় । গভীৰ সাগৰত ফটোগ্ৰাফীৰ পৰা মেৰামতি বা বিস্ফোৰক ৰখালৈকে এনে বহু কাম তেওঁলোকে কৰিবলগীয়া হয় যি যথেষ্ট বিপদাশংকা বহন কৰে। সেয়েহে এই বাণিজ্যিক ডুবাৰুসকলে সাধাৰণতে এই কামৰ বাবে ভাল দৰমহা লাভ কৰে । জানিবপৰা মতে এজন বাণিজ্যিক ডুবাৰুৱে বছৰি ৩০ৰ পৰা ৪০ লাখ টকা বা ইয়াতকৈ অধিক দৰমহাও উপাৰ্জন কৰিব পাৰে।
অইল ৱেল ড্ৰিলাৰ- তেল বিচাৰি উলিওৱাটো একেবাৰে সহজসাধ্য কাম নহয় । অইল ৱেল ড্ৰিলাৰসকলে তেল আহৰণ কৰিবলৈ দীঘলীয়া সময় কাম কৰিব লাগে আৰু সদায়ে বিপদাশংকাৰ সন্মুখীন হয় তেওঁলোক। কিন্তু এই বৃত্তিত এজন লোকে ভাল উপাৰ্জন কৰে। ফৰ্বছৰ এক প্ৰতিবেদন অনুসৰি এজন ড্ৰিলাৰেও বছৰি ৩০ ৰ পৰা ৪০ লাখ টকালৈকে উপাৰ্জন কৰিব পাৰে।
এয়াৰক্ৰাফ্ট মেকানিক – বিমানৰ ইঞ্জিন মেৰামতি, একত্ৰিত কৰা, ৰক্ষণাবেক্ষণ দিয়া কাৰ্য্য যদিও ইমান প্ৰত্যাহ্বানপূৰ্ণ নহয় কিন্তু এই কামতো বহু প্ৰকাৰৰ বিপদৰ আশংকা থাকে । জানিব পৰা মতে এই বৃত্তিৰ লোকসকলৰ বাৰ্ষিক উপাৰ্জনো ৩০ ৰ পৰা ৩৫ লাখ টকাৰ ভিতৰত, আনহাতে এই উদ্যোগটোৰ সৈতে জড়িত শীৰ্ষ ১০ শতাংশ লোকে বাৰ্ষিক ৪৫ লাখ টকাতকৈও অধিক উপাৰ্জন কৰিব পাৰে।
লোকোমোটিভ অভিযন্তা- উল্লেখনীয় যে এই বৃত্তিৰ লোকসকলে বছৰি ৩৫লাখ টকা বা ইয়াতকৈও অধিক উপাৰ্জন কৰিব পাৰে। অৱশ্যে ৰে’ল এখনৰ বাবে নতুন ইঞ্জিন মেৰামতি কৰা , ৰক্ষণাবেক্ষণ দিয়া বা ইয়াক নিৰ্মাণ কৰাটো কোনো কাৰণতেই বিপদমুক্ত কাম নহয়।
জীৱন আৰু মৰণৰ দোমোজাত থাকি দায়িত্বশীল হৈ এনে কঠিন কামকো সহজ কৰিবলৈ সক্ষম হোৱাৰ বাবেই হয়তো এনে বৃত্তিৰ লোকসকলক অন্যান্য কামৰ তুলনাত অলপ বেছিকৈ মাননি দিয়া হয় যাতে তেওঁৰ হঠাৎ কিবা দুৰ্ঘটনা ঘটিলেও তেওঁৰ পৰিয়াল নাইবা তেওঁ কোনো অসুবিধাৰ সন্মূখীন হ‘ব নালাগে ৷