দক্ষিণ এছিয়াৰ ভিতৰত এখন ডাঙৰ দেশ হৈছে ভাৰতবৰ্ষ। এই দেশ আকাৰৰ ফালৰ পৰা বিশ্বৰ ভিতৰত সপ্তম। ভাৰতবৰ্ষ ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য তথা সম্পদৰ বাবে বিখ্যাত। আনহাতে এই ভাৰতবৰ্ষতে আছে ভ্ৰমণৰ উপযোগী বহুতো ঠাই । কিন্তু আচৰিত হ’লেও সঁচা যে ভাৰতত এনে কিছুমান ঠাইয়ো আছে য’ত পৰ্যটকৰ প্ৰৱেশৰ অনুমতি নাই।
এই ঠাইসমূহ হৈছে –
- আন্দামান নিকোবৰ দ্বীপপুঞ্জৰ বেৰেন দ্বীপ (Barren Island, Andaman)- এই দ্বীপপুঞ্জতে আছে বেৰেন আগ্নেয়গিৰি (Barren volcano), যিটো দক্ষিণ এছিয়াৰ আটাইতকৈ সক্ৰিয় জ্বালামুখী। পৰ্যটকৰ সুৰক্ষাৰ স্বাৰ্থতেই এই ঠাইলৈ মানুহ যোৱা সম্পূৰ্ণ নিষেধ কৰা হৈছে।এই দ্বীপটো নিৰ্জন আৰু চাৰিওফালে সমুদ্ৰৰ পানীৰে আৱৰা।
- জম্মু আৰু কাশ্মীৰৰ অক্সাই চীন (Aksai Chin, Jammu And Kashmir)- ভাৰত আৰু চীনৰ কুখ্যাত সীমাৰ এই ঠাইত পৰ্যটকৰ যোৱাৰ কোনো অনুমতি নাই। জম্মু আৰু কাশ্মীৰৰ মতে এইয়া লাডাখৰ (Ladakh) এটা ভাগ আৰু চীনৰ মতে এই ঠাই হোতান প্ৰান্তৰ (Hotan Prefecture) এক অংশ।
- নিকোবৰ দ্বীপপুঞ্জ(Nicobar Islands)- এই দ্বীপপুঞ্জ ভাৰতৰ সমূহ জনসাধাৰণৰ বাবেই বন্ধ। এই দ্বীপপুঞ্জ বহুত প্ৰাচীন আৰু সৌন্দৰ্যৰে পৰিপূৰ্ণ।
- ৰাজস্থানৰ ভানগঢ় ফ’ৰ্ট (Bhangarh Fort, Rajasthan)- ৰাজস্থানৰ আলৱাৰ জিলাত থকা ভানগঢ় ১৭ শতাব্দীৰ এটা দুৰ্গ । এই দুৰ্গটো ইয়াত ঘটা অলৌকিক কাহিনীৰ বাবে বিখ্যাত। এনে অলৌকিক ঘটনাৰ বাবেই সাধাৰণতে সুৰ্যাস্তৰ পাচত পৰ্যটকৰ প্ৰবেশৰ অনুমতি নাই এই দুৰ্গত।
- ছিকিমৰ চলামু সৰোবৰ(Cholamu Lake, North Sikkim) – চলামু সৰোবৰ ভাৰতৰ আতাইতকৈ ওখ সৰোবৰ। কোনো কাৰণত এই ঠাইলৈ যাবলগীয়া হ’লেও ছিকিম প্ৰশাসনৰ বিশেষ অনুমতি ল’ব লগীয়া হয়।