শেহতীয়া ভূমিকম্প আৰু উগ্ৰপন্থীৰ আক্ৰমণত বিধ্বস্ত হৈ পৰা ছিৰিয়াত এইবাৰ ইজৰাইলী ক্ষেপণাস্ত্ৰই খুন্দা মাৰে । ইয়াৰ ফলত দেশখনৰ ব্যাপক পৰিমাণৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে ৷ ইজৰাইলী ক্ষেপনাস্ত্ৰ আঘাতত দেশখনৰ ১৫ জন লোকৰ মৃত্যু হৈছে । দেওবাৰে নিশা দামাস্কাছত আঘাত কৰে এই ক্ষেপণাস্ত্ৰই। এই কথা দাবী কৰে যুদ্ধ নিৰীক্ষণ কৰা এটা সংস্থাই (War Monitor)। মন কৰিবলগীয়া যে ছিৰিয়াৰ নিৰাপত্তাৰক্ষী আৰু সেনাৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যালয় ক্ষেপণাস্ত্ৰই আঘাত কৰা অঞ্চলটোৰ পৰা অলপ দূৰত অৱস্থিত । ইৰাণৰ সাংস্কৃতিক কেন্দ্ৰও এই স্থানতে আছে।
প্ৰথম অৱস্থাত ইৰাণ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছিল যে মৃত্যু হোৱা লোকৰ সংখ্যা পাঁচজন। গুৰুতৰভাৱে আহত হৈছে ১৫জন লোক। পিছত ছিৰিয়াৰ এটা মানৱ অধিকাৰ সংস্থাই মৃত্যুৰ সংখ্যা ১৫ জন বুলি সদৰী কৰে । তদুপৰি আহত হৈছে একাধিক লোক ৷
ছিৰিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক বিবৃতি অনুসৰি দেওবাৰে নিশা প্ৰায় ১২:৩০ বজাত ইজৰাইলী দখল কৰা গোলান অঞ্চলৰ পৰা দামাস্কাছলৈ ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হয়। ছ’চিয়েল মিডিয়াত বিয়পি পৰা ভিডিঅ’টোত দেখা গৈছে যে ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ফলত দহ মহলীয়া অট্টালিকা এটা সম্পূর্ণৰৰূপে ভাঙি পৰে ৷ ছিৰিয়া প্ৰশাসনে দাবী কৰিছে যে দেওবাৰৰ এই আক্ৰমণ ইজৰাইলৰ অন্যতম ভয়াৱহ আক্ৰমণ। ইজৰাইলে অৱশ্যে এই বিষয়ত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। মাত্ৰ এমাহ পূৰ্বে ইজৰাইলৰ ক্ষেপণাস্ত্ৰই ডামাস্কাছ বিমানবন্দৰত আক্ৰমণ কৰিছিল। সেইবাৰ চাৰিজন লোকৰ মৃত্যু হৈছিল।