ইউক্ৰেইনত ৰাছিয়া সেনাৰ অভিযানৰ বিৰুদ্ধে ইণ্টাৰনেটৰ জৰিয়তে অহৰহ প্ৰচাৰ চলোৱাৰ অপৰাধত কাৰাদণ্ড বিহা হৈছে এজন মানৱ অধিকাৰ কর্মীক ৷ ৰাষ্ট্ৰপতি ব্লাদিমিৰ পুটিনৰ আক্ৰমণাত্মক আচৰণক তেওঁ সমালোচনা কৰিছিল। মস্কোৰ এখন আদালতে ৰাছিয়াৰ ৰাজনীতিবিদ তথা মানৱ অধিকাৰ কৰ্মী ব্লাদিমিৰ কাৰা-মুৰ্জাক সেই “অপৰাধ”ৰ বাবে ২৫ বছৰৰ কাৰাদণ্ড বিহে।
ব্ৰিটেইনত জন্মগ্ৰহণ কৰা ৰাছিয়াৰ মানৱ অধিকাৰ আন্দোলনৰ নেতা তথা প্ৰাক্তন সাংবাদিক ৪১ বছৰীয়া মুৰ্জাক “পুটিনৰ কঠোৰ সমালোচক” হিচাপে পৰিচিত। ইউক্ৰেইনৰ যুদ্ধ পৰিস্থিতিত পুটিন বিৰোধী “অপৰাধ”ৰ বাবে বহুক গ্ৰেপ্তাৰ কৰা হৈছে। বহুতকে শাস্তি প্ৰদান কৰা হৈছে। আন বহুতেই ভয়ত ৰাছিয়া এৰি যাবলৈ বাধ্য হৈছে ৷ ৰাছিয়া চৰকাৰৰ ‘শেষ ভুক্তভোগী’ মুৰ্জা।
অৱশ্যে মস্কোৰ আদালতত তেওঁ নিজকে দোষমুক্ত বুলি স্বীকাৰ কৰে। বৰঞ্চ যুদ্ধৰ পৰিস্থিতিত আইন সলনি কৰি মানৱ অধিকাৰ খৰ্ব কৰাক সমালোচনা কৰে। সোমবাৰে মুৰ্জাই কয় , ‘মই আক্ষেপ নকৰো, ইয়াৰ বাবে গৌৰৱ অনুভৱ কৰিছো।“প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ইউক্ৰেইনৰ সৈতে যুদ্ধ আৰম্ভ হোৱাৰ পিছত পুটিন চৰকাৰে নতুন আইন জাৰি কৰিলে, য’ত কোৱা হৈছে যে যিকোনো ব্যক্তিয়ে সেনাবাহিনীক বদনাম কৰিলে ১৫ বছৰ পৰ্যন্ত কটাব লাগিব কাৰাগাৰত। ৰাষ্ট্ৰৰ সমালোচনা অধিক শাস্তিদায়ক। ৰাছিয়াৰ মানৱ অধিকাৰ সংস্থাসমূহে অভিযোগ কৰিছে যে সেই দেশৰ ছ’চিয়েল মিডিয়াৰ নিৰন্তৰ নিৰীক্ষণৰ জৰিয়তে যুদ্ধ বিৰোধী কৰ্মীসকলক চিনাক্ত কৰা হৈছে।