পৃথিৱীজুৰি গোলকীয় উষ্ণতা বৃদ্ধি পোৱাত এতিয়া বিশ্ববাসীৰ মাজতো উদ্বেগ বৃদ্ধি পাইছে।শেহতীয়াকৈ গ্ৰীণলেণ্ড বৰফৰ শৃংগৰ ওপৰত এক আচৰিক ঘটনা হোৱাৰ খবৰ আহিছে।প্ৰথম বাৰৰ বাবে গ্ৰ্ৰীণলেণ্ডত ধাৰাসাৰ বৰষুণ হৈছে।
ইতিহাসত প্ৰথমবাৰৰ বাবে প্ৰায় ৯ ঘন্টা যোৰা বৰষুণৰ ফলত আনুমানিক ৭০ নিযুত বৰফ গলি পানীলৈ ৰূপান্তৰিত হৈছে আৰু বৰফৰ চাদৰ ভাঙি গৈছে।যি ঘটনাই এতিয়া বিজ্ঞানী সকলকো চিন্তিত কৰি তুলিছে।
আমেৰিকাৰ নেশ্যনেল স্নো এণ্ড আইচ ডাটা চেন্টাৰ চমুকৈ এন এছ আই ডি চিৰ মতে গ্ৰীনলেণ্ডৰ সৰ্ব্বোচ্চ শৃংগটো ১০,৫৫১ ফুট উচ্চতাত আছিল আৰু পূৰ্বতে ইয়াত কেতিয়াও বৰষুণ হোৱা নাছিল।
ইফালে যোৱা ১৪ আগষ্টত হোৱা বৰষুণত ১০ বছৰৰ মূৰত তৃতীয় বাৰৰ বাবে তাপমাত্ৰা বৃদ্ধি হোৱা দেখা গৈছিল।প্ৰায় ৪ দিন ধৰি বৰফ গলি আছিল।বিজ্ঞানী সকলৰ মতে ইতিহাসত প্ৰথমবাৰৰ বাবে এনে বৃষ্টিপাত হৈছিল শৃংগটোৰ বৰফৰ ওপৰত।
যিহেতু বৰ্তমান জলবায়ু পৰিৱৰ্তন ইমানেই হৈছে যে তাপমাত্ৰা বা বৰষুণ সঠিকভাৱে অনুমান কৰাটো কঠিন হৈ পৰিছে।এনে পৰিস্থিতিত বৰফযুক্ত অঞ্চলৰ বাবে অতিকৈ বিপদজনক হৈ পৰিছে।
উল্লেখ যোগ্য যে ইয়াৰ আগতেও এনেদৰে জুলাই মাহত গ্ৰ্ৰীণলেণ্ডত বৃ্হৎ পৰিমাণৰ বৰফ গলিছিল।