কেৰিবিয়ান ভ্ৰমণৰ বাবে ভাৰতে ঘোষণা কৰিলে দল। ভাৰতীয় ব’ৰ্ডে ৰোহিত শৰ্মা, বিৰাট কোহলীক অন্তভুর্ক্ত কৰি এই দল ঘোষণা কৰিছে ৷ কিন্তু চেতেশ্বৰ পূজাৰাক অন্য়ভুর্ক্ত কৰা নহ’ল। উমেশ যাদৱ আৰু মহম্মদ শ্বামী দলত নাই। পেচাৰ মুকেশ কুমাৰে সুযোগ লাভ কৰিছে । অজিংক্য ৰাহানেক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে।
ৰোহিতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ পিছত দলৰ পৰিৱৰ্তন কৰাৰ কথা কৈছিল । সেই পৰিৱৰ্তন ৱেষ্ট ইণ্ডিজ ভ্ৰমণত দেখা গৈছে। এখনৰ পাছত আন এখন খেলত ব্যৰ্থ হোৱা পূজাৰাক দলে বাদ দিয়ে। তেওঁৰ ঠাইত দললৈ আহিছে যুৱক যশস্বী জয়ছোৱাল। ৰঞ্জিত ভাল খেলা ৰুতুৰাজ গাইকৱাদক দলত স্থান দিয়া হৈছে ৷
মহম্মদ শ্বামীক জিৰণি দিয়া হৈছে। উমেশ যাদৱকো কেৰিবিয়ান ভ্ৰমণত বাদ দিয়া হৈছে ৷ফাইনেলত তেওঁৰ বলিঙক লৈ প্ৰশ্ন উত্থাপন হৈছিল। টেষ্ট দলত শ্বামী আৰু উমেশৰ সলনি নৱদীপ ছাইনী আৰু মুকেশ কুমাৰক অন্তৰ্ভুক্ত কৰা হৈছে। বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল দলৰ অংশ মহম্মদ চিৰাজ আৰু জয়দেৱ উনাদকোটকো দলত ৰখা হৈছে ৷
টেষ্টত শ্ৰীকৰ ভাৰত আৰু ঈশান কিষাণক উইকেটৰক্ষক হিচাপে বাছনি কৰা হৈছে। ৰবিচন্দ্ৰন অশ্বিন, ৰবীন্দ্ৰ জাদেজা আৰু অক্ষৰ পেটেলক স্পিনাৰ হিচাপে লোৱা হৈছে। অল ৰাউণ্ডাৰ শাৰদুল ঠাকুৰো দলত আছে। এই দলটো টেষ্ট আৰু এদিনীয়া শৃংখলাৰ বাবে নিৰ্বাচিত হয়।
সূৰ্যকুমাৰ যাদৱক এদিনীয়া দলত অন্তৰ্ভুক্ত কৰা হৈছে যদিও তেওঁ টেষ্ট দলত নাই। উইকেটকীপাৰ সঞ্জু চেমছনক ৫০ অভাৰৰ দললৈ ঘূৰাই অনা হৈছে। সেই দলটোত আছে উপ অধিনায়ক হাৰ্দিক পাণ্ডিয়া। যুজবেন্দ্ৰ চাহাল আৰু কুলদীপ যাদৱে স্পিন চম্ভালিব। সেই দলটোত আছে পেচাৰ উমৰাণ মালিক।
টেষ্ট দলঃ ৰোহিত শৰ্মা (অধিনায়ক), শুভমান গিল, বিৰাট কোহলী, ৰুতুৰাজ গাইকোৱাদ, যশস্বী জয়ছোৱাল, আজিংক্য ৰাহানে (উপ অধিনায়ক), শ্ৰীকৰ ভাৰত (উইকেটকীপাৰ), ঈশান কিষাণ (উইকেটকীপাৰ), ৰবিচন্দ্ৰন অশ্বিন, ৰবিন্দ্ৰ জাদেজা, শাৰদুল ঠাকুৰ, অক্ষৰ পেটেল, মহম্মদ ছিৰাজ, মুকেশ কুমাৰ, জয়দেৱ উনাদকোট আৰু নৱদীপ ছাইনী।
এদিনীয়া দলঃ ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, ৰুতুৰাজ গাইকোৱাদ, সূৰ্য্যকুমাৰ যাদৱ, সঞ্জু চেমচন (উইকেটকীপাৰ), ঈশান কিষাণ (উইকেটকীপাৰ), হাৰ্দিক পাণ্ডিয়া (উপ অধিনায়ক), ৰবীন্দ্ৰ জাদেজা, শাৰদুল ঠাকুৰ, অক্ষৰ পেটেল , যুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, মহম্মদ চিৰাজ, উমৰাণ মালিক, জয়দেৱ উনাদকট আৰু মুকেশ কুমাৰ।