এছিয়া কাপ সন্দৰ্ভত ভাৰতে নিজৰ স্থিতি স্পষ্ট কৰিছে । এই প্ৰতিযোগিতা খেলিবলৈ পাকিস্তানলৈ নাযায় ভাৰতীয় দল ৷ এছিয়া কাপৰ সূচী চূড়ান্ত আৰু অহা কেইদিনমানৰ ভিতৰত মুকলি কৰা হ’ব। আই পি এলৰ অধ্যক্ষ অৰুণ ধুমলে মঙলবাৰে সন্ধিয়া আই চি চিৰ বৈঠকৰ পাছত সংবাদ প্ৰতিষ্ঠানৰ আগত এইদৰে কয়।
ধুমলে দাবী কৰে যে আই চি চিৰ বিষয়াসকলৰ বৈঠকত ব’ৰ্ডৰ সম্পাদক জয় শ্বাহ আৰু পাকিস্তানৰ ব’ৰ্ডৰ সভাপতি জাকা আশ্ৰফৰ মাজত আলোচনা হৈছে ৷ অহা বৃহস্পতিবাৰে দুয়ো মুখামুখি হৈ এছিয়া কাপৰ সূচী চূড়ান্ত কৰিব।
ধুমলে কয়- “পাক ব’ৰ্ডৰ মুৰব্বীয়ে আমাৰ সম্পাদকৰ সৈতে সাক্ষাৎ কৰিছে। পূৰ্বে আলোচনা কৰা অনুসৰি এছিয়া কাপৰ সূচী চূড়ান্ত। পাকিস্তানত লীগ পৰ্যায়ৰ চাৰিখন খেল অনুষ্ঠিত হ’ব। বাকী ৯খন খেল শ্ৰীলংকাত অনুষ্ঠিত হ’ব। ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ দুয়োখন মেচ শ্ৰীলংকাত অনুষ্ঠিত হ’ব। যদি তৃতীয়খন মেচৰ সম্ভাৱনা থাকে, তেন্তে সেয়াও শ্ৰীলংকাত হ’ব।’
পাকিস্তানৰ ক্ৰীড়া মন্ত্ৰী এহছান মাজাৰীয়ে কিছুদিন পূৰ্বে দাবী কৰিছিল যে ভাৰতে চুবুৰীয়া দেশখন ভ্ৰমণ কৰিবলৈ ইচ্ছুক। ধুমলে সেই মন্তব্য খাৰিজ কৰিছে। তেওঁ কয় , “তেনেকুৱা একো কথা বতৰা হোৱা নাছিল ৷ কোনো ভাৰতীয় দল বা সম্পাদক পাকিস্তানলৈ যোৱা নাই। যি প্ৰচাৰ হৈছে সেয়া সঁচা নহয়।”
সকলো ঠিকে থাকিলে শ্ৰীলংকাৰ ডাম্বুল্লাত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে এখন মেচ খেলিব। ঘৰুৱা ক্ষেত্ৰত পাকিস্তানৰ একমাত্ৰ মেচ দুৰ্বল নেপালৰ বিৰুদ্ধে। বাকী তিনিখন খেল হ’ল আফগানিস্তান-বাংলাদেশ, বাংলাদেশ-শ্ৰীলংকা আৰু শ্ৰীলংকা-আফগানিস্তান মাজত ৷