পপ সংগীত শিল্পী ব্ৰিটনী স্পেয়াৰ্চৰ অনুৰাগী সকলৰ বাবে সু-খবৰ। বিয়াত বহিব সংগীত শিল্পী গৰাকী। তেওঁ নিজে প্ৰকাশ কৰিছে বিয়াৰ খবৰ।দীৰ্ঘদিনীয়া প্ৰেমিক বন্ধুৰ সৈতে অৱশেষত বিয়াত বহিব পপ তাৰকা গৰাকী।ইতিমধ্যে চ’ছিয়েল মিডিয়াত বিয়পি পৰিছে এই খবৰ।
খবৰ অনুসৰি জনপ্ৰিয় পপ সংগীত শিল্পী ব্ৰিটনী স্পেয়াৰ্চ আৰু তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেমিক বন্ধু চেম আচঘাৰিয়ে তেওঁলোকৰৰ সম্পৰ্কক স্বীকৃতি প্ৰদান কৰিবলৈ আগবাঢ়িছে।দুয়ো প্ৰেমিক যুগলে তেওঁলোকৰ এই সম্পৰ্কৰ কথা ৰাজহুৱা কৰি চ’ছিয়েল মিডিয়াৰ ইনষ্টাগ্ৰামত বিবাহৰ সাক্ষী আঙুঠি পিন্ধি থকা কেইবাখনো ফটো প্ৰকাশ কৰিছে।
দুয়ো একেলগে আলিংগনৰত ফটো চেয়াৰ কৰাৰ লগতে বিশ্বখ্যাত সংগীত শিল্পী গৰাকীয়ে অনামিকা আঙুলিত পিন্ধি থকা হীৰাৰ আঙুঠিও অনুৰাগী সকলৰ বাবে চেয়াৰ কৰিছে।এই খবৰ বিয়পি পৰাৰ লগে লগে অনুৰাগী সকলে দুয়োকে শুভেচ্ছা মূলক বাৰ্তাৰে উপচাই পেলোৱা দেখা গৈছে।
ইফালে বিবাহৰ এই খবৰ অস্বীকাৰ কৰিছে ব্ৰিটনীৰ শাৰীৰিক প্ৰশিক্ষক জনে। প্ৰশিক্ষক জনৰ মতে এই সকলোবোৰ মিছা খবৰ।ব্ৰিটনীৰ আভ্যন্তৰীণ সূত্ৰে প্ৰকাশ যে সংগীত শিল্পী গৰাকীৰ একাউন্টটো হেক কৰাৰ উপৰিও এই আঙুঠি পিন্ধোৱা ফটো বোৰ ফট’চপ কৰা বুলি দাবী কৰিছে।