সাধাৰণ মানুহৰ বাবে চিকিৎসক ভগৱানৰ দ্বিতীয় ৰূপ। শৰীৰ-মনৰ অজস্ৰ যন্ত্ৰণাৰ উপশম বিচাৰি মানুহ চিকিৎসকৰ শৰনাপন্ন হয়। এজন চিকিৎসকেও আৰ্জিত সমস্ত জ্ঞানেৰে ৰোগীক জীৱনদান দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে।
জীৱনদায়ী চিকিৎসকৰ আসুৰিক ৰূপে যেতিয়া কাৰোবাৰ জীৱন বিপদাপন্ন কৰি তোলে তেতিয়া স্বাভাৱিকতেই চিকিৎসা বৃত্তিৰ মানবীয় দিশসমূহৰ ওপৰত মানুহৰ সন্দেহ জাগে। তেনে এটা ঘটনাই বৰ্তমান পোহৰলৈ অহাত সকলোৰে চকু কপালত উঠিছে।
বাতৰিত প্ৰকাশ পোৱা অনুসৰি গুৱাহাটী মহানগৰীৰ এজন চিকিৎসক স্বামীয়ে দীৰ্ঘদিন ধৰি পত্নীৰ ওপৰত চলাই আহিছিল শাৰিৰীক-মানসিক অত্যাচাৰ। অসুৰৰূপী চিকিৎসকজনে দাৰে ঘপিয়াই পত্নীক আহত কৰাৰ উপৰিও চিকিৎসাৰ চলেৰে সংজ্ঞাহীন বেজী দি তিনি মাহ ঘৰতে আৱদ্ধ কৰি ৰাখিছিল।
গজেন চন্দ্ৰ নাথ নামৰ চিকিৎসকজনৰ বিৰুদ্ধে নুনমাটি থানাত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰাৰ কথা জানিব পৰা গৈছে। বৰ্তমান চিকিৎসকজনক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।
উল্লেখ্য যে ভুক্তভোগী পত্নীয়ে সুযোগ বুজি নিজ মাতৃলৈ এটা মেছেজ প্ৰেৰণ কৰাৰ পিছতহে জীৱিত অৱস্থাত মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় মাতৃ পৰিয়াল। তাৰ পিছতে চিকিৎসকগৰাকীৰ বিৰুদ্ধে তেওঁলোকে এজাহাৰ দাখিল কৰে।
আনহাতে চিকিৎসক পত্নীৰ বক্তব্য অনুসৰি গজেন চন্দ্ৰ নাথ বিভিন্ন ধৰণৰ কেলেংকাৰীৰ সৈতে জড়িত। আনহে নালাগে চিকিৎসকজনৰ পৰিয়ালেও পত্নীক অমানুষিক অত্যাচাৰ কৰাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছিল বুলি তেখেতে অভিযোগ উত্থাপন কৰিছে।