কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমাৰে গুৱাহাটীৰ মিৰ্জাত যোৱা ৪ অক্টোৱৰ তাৰিখে ৰাষ্ট্ৰীয় মৌমাখি পালন আৰু মৌ অভিযানৰ উদ্যোগত এটা মৌ উৎপাদন প্ৰকল্পৰ উদঘাটন কৰে।
আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ উদ্দেশ্যে ২০২০ চনত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ৰাষ্ট্ৰীয় মৌমাখি পালন আৰু মৌ উৎপাদন অভিযানৰ শুভাৰম্ভ কৰে। এই অভিযানৰ লক্ষ্য হৈছে সমগ্ৰ দেশতে “মিঠা বিপ্লৱ” গঢ়ি তুলি মৌ উৎপাদনৰ ক্ষেত্ৰত স্বনিৰ্ভৰশীল হৈ উঠা। ১০০% চৰকাৰী অনুদানৰ দ্বাৰা মহিলা সকলকো মৌ পালনৰ বাবে আগ্ৰহী কৰি তোলা এই অভিযানৰ অন্যতম মূল লক্ষ্য।
মিৰ্জাত উদ্ধোধন কৰা নতুন প্ৰকল্পই মৌ পালকসকলক এক সকাহ প্ৰদান কৰিব। অসমৰ যুৱ প্ৰজন্ময়ো বিজ্ঞান সন্মতভাবে মৌ পালন কৰি উপাৰ্জনৰ কথা চিন্তা কৰিব পাৰিব।