কেৰেলাৰ ইদ্দুকি আৰু কটায়াম জিলাত নেৰানেপেৰা বৰষুণৰ ফলত ভূমিস্খলন হৈ ২৫ জনকৈ লোকৰ সলিল সমাধি ঘটে। ইতিমধ্যে হাজাৰ সংখ্যক লোকক উদ্ধাৰ কৰি আশ্ৰয় শিবিৰত ৰখা হৈছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই ২৫ জনকৈ লোকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে ভাৰত চৰকাৰৰ তৰফৰ পৰা যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি উল্লেখ কৰিছে।
উল্লেখযোগ্য যে ২০১৮ চনত বিধংসী বানত কেৰেলাত প্ৰায় ৫০০ জন লোকৰ মৃত্যু হৈছিল।
শেহতীয়াকৈ বতৰ বিজ্ঞান প্ৰতিষ্ঠানে হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডলৈ সতৰ্কবাণী প্ৰেৰণ কৰিছে। প্ৰচুৰ বৃষ্টিপাতে ৰাজ্য দুখত প্ৰভাৱ পেলাব বুলি অনুমান কৰা হৈছে।