ৰাজ্যবাসীলৈ সুখবৰ। অসমবাসীয়ে ২ বছৰৰ ভিতৰত লাভ কৰিব কেইবাখনো নতুন বিশ্ববিদ্যালয়। এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা উত্তৰ পূবৰ শৈক্ষিক সন্মিলনৰ কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰি এই কথা ঘোষণা কৰে। দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা সভাত উপস্থিত থাকে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব ডাঙৰীয়াই তেওঁৰ ভাষণত কয় যে অসমৰ ৫ খন আগশাৰীৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়ৰ শাৰীলৈ উন্নীত কৰা হ’ব। সন্দিকৈ মহাবিদ্যালয়, জগন্নাথ মহাবিদ্যালয়, নগাঁও মহাবিদ্যালয়, উত্তৰ লখিমপুৰ মহাবিদ্যালয় আৰু শিৱসাগৰ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়ৰ পৰ্য্যায়লৈ উন্নীত কৰা হ’ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই পদক্ষেপে অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰলৈ বিশেষ বৰঙণি আগবঢ়াব পাৰিব।
ইয়াৰ উপৰিও ভাষণত মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিক্ষাৰ মাধ্যম মাতৃভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এইবাৰৰ পৰা JEE পৰীক্ষা অসমীয়া ভাষাৰ লগতে মণিপুৰী, মিছিং আদিৰ ভাষাতো উপলব্ধ হ’ব বুলি ঘোষণা কৰে।