ইতিহাস প্ৰসিদ্ধ এটি নাম , এটি চৰিত্ৰ –মীৰাবাঈ ।নামটি শুনিলেই মানস পটত ভাহি আহে –এগৰাকী পূৰ্ণ যৌৱনা নাৰী। হাতত একতাৰা খন লৈ উৰ্ধমুখী মুখ খনিৰ উদাসী দুনয়নত অপাৰ্থিৱ ভাব সুস্পষ্ট। কথা পাতিলেই যেন শুনা যাব মীৰাৰ আকুল কণ্ঠৰ পৰা নিগৰি অহা তেওঁৰে ৰচিত ভক্তিমুলক গীত —“মীৰাকে প্ৰভু গিৰিধৰ নাগৰ–“।
নিঃসন্দেহে মীৰাবাঈ ধৰ্মপ্ৰাণাৰ বাবে এক জীৱন্ত ইতিহাস । তেওঁৰ দ্বাৰা ৰচিত ভক্তিমূলক গীত সমূহত শ্ৰী কৃষ্ণৰ গুণ-গানেই মাথোঁ মূৰ্ত হৈ উঠিছে।
১৪৯৯ চনত ৰজা ৰতন সিঙৰ দুহিতা মীৰাৰ জন্ম হয় আৰু ১৫১৩ চনত মেৱৰৰ ৰাণা কুম্ভৰ সৈতে বিবাহ হয়।বিবাহৰ পাছত পৰস্পৰৰ মাজত বুজাবুজি আছিল ঠিকেই কিন্তু দুয়োৰে মাজত দেহৰ সম্পৰ্ক ঘটিছিল নে নাই সেই কথা স্পষ্ট নহয়। মৃদুভাষী , আবেগময়ী , আত্মত্যাগী , মোহময়ী ,শিক্ষিতা , আত্মনিৰ্ভৰশীল আৰু সকলোৰে প্ৰিয় আছিল মীৰাবাঈ। এগৰাকী কোকিলকণ্ঠী গায়িকা হোৱাৰ লগতে তেওঁ আছিল তেজস্বিনী আৰু যুক্তিবাদী এগৰাকী সু গৃহিনী। মীৰাবাঈ আছিল ৰূপে – গুণে এগৰাকী প্ৰখৰ ব্যক্তিত্বৰ অপৰূপ অসাধাৰণ নাৰী। তেওঁৰ ৰূপত মুগ্ধ হৈ ৰাণা কুম্ভই মীৰাক বিবাহ কৰায়। পিতাকক কন্যা দানৰ পৰা মুক্ত কৰিবলৈহে ইচ্ছাৰ বিৰুদ্ধে মীৰা বিবাহত বহিব লগা হয় বুলি জানিব পৰা যায়।
১৬ শ শতিকাতে পুৰুষৰ শাসনেৰে চালিত সমাজত নিজৰ স্থিতিৰ লগতে আন সকলো নাৰীৰ বাবে মাত মতা প্ৰথম নাৰী বিদ্ৰোহী আছিল মীৰাবাঈ। এগৰাকী সুগৃহিনী হিচাপেও মীৰাক বিচাৰি পোৱা যায় স্বামীৰ শুশ্ৰুষা কৰাৰ ক্ষেত্ৰত।
মীৰাবাইৰ বাদ-বিবাদ পূৰ্ণ জীৱন -কাহিনী বিশ্লেষণ কৰি চালে দুটা দিশ দেখা যায় —পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰে দমিত নাৰী জাতিৰ হৈ প্ৰবল যুক্তিৰে সেই ব্যৱস্থাৰ বিপক্ষে ঠিয় হোৱা এগৰাকী স্পষ্টবাদী , সাহসী নাৰী আৰু আনফালে গৃহস্থালিৰ কৰ্তব্য নিয়াৰাকৈ পালন কৰা এগৰাকী দায়িত্বশীল পত্নী। মীৰা আছিল কৃষ্ণ প্ৰেমত বলিয়া আৰু ৰিপু দমন কৰা এগৰাকী ধৰ্মপ্ৰাণা নাৰী।
মীৰাবাঈৰ মৃত্যু সম্পৰ্কেও বিতৰ্ক আছে। বিষপান কৰাৰ পাছত মীৰা বন্দী কক্ষলৈ যায় আৰু একতাৰা খন হাতত লৈ স্তুতি গীত গাবলৈ ধৰে।পহৰাদাৰৰ দ্বাৰা পৰিবেষ্টিত হৈ কৃষ্ণ মন্দিৰলৈ যায়।কৃষ্ণৰ স্তুতি কৰি থাকোতে মীৰাৰ মৃত্যু হয় কিন্তু তেওঁৰ মৃত্যু দেহ অন্তৰ্ধান হয়। যিয়েই নহওক ভক্তবান জনতাৰ আগত মন্দিৰৰ পুৰোহিত জনে কলে–“- কৃষ্ণতে মন-প্ৰাণ সপি দিয়া মীৰাবাঈক ভগবান কৃষ্ণ আহি লৈ গলহি।”জনতাই এই কথা বিশ্বাসত ললে আৰু সেই বিশ্বাস আজিও অটুট আছে।
মুঠতে মীৰাবাঈৰ বিবাদ পূৰ্ণ জীৱনৰ পৰা এটা কথা স্পষ্ট কৈ কব পাৰি যে –বৰ্তমানেই নহয় ভৱিষ্যতৰ শত-সহস্ৰ শতিকালৈ ভাৰতীয় লোকৰ হৃদয়ত কৃষ্ণপ্ৰাণা , স্পষ্টবাদী মীৰাবাঈ য়ে সাঁচ বহুৱাই যাব নতুন ৰচনাৰ সৃষ্টি ৰূপে , সাহিত্য ৰূপে।