আজি ৬ ডিচেম্বৰ ,ভাৰতৰ সংবিধান প্ৰণেতা ভাৰত ৰত্ন ভীমৰাও ৰামজী আম্বেদকাৰৰ আজি মৃত্যু তিথি ৷১৮৯১চনৰ ১৪ এপ্ৰিলত মধ্য প্ৰদেশৰ ইণ্ড’ৰত জন্ম গ্ৰহণ কৰা আম্বেদকাৰৰ ১৯৫৬চনত ৬৫ বছৰ বয়সত নতুন দিল্লীত আজিৰ দিনটোতেই দেহাৱসান ঘটিছিল ৷ যি একেধাৰে আছিল এজন সমাজ সংস্কাৰক,অৰ্থনীতিবিদ, আইনজ্ঞ আৰু বিদগ্ধ পণ্ডিত ৷ বৰ্ণ বৈষম্য ,ন্যায় আৰু সম অধিকাৰৰ বাবে যুঁজ কৰি যোৱা মহান ব্যক্তি গৰাকীৰ মহানিৰ্বাণ তিথিত জনাইছোঁ সশ্ৰদ্ধ প্ৰণিপাত ৷