বৃদ্ধ বয়সতো আপুনি সুন্দৰ হৈ থাকিব পাৰিব । ব্যায়াম , জিৰণি , মানসিক পৰিশ্ৰম আদি নীতি-নিয়ম মানি চলিলে বৃদ্ধ বয়সতো চফল ডেকাৰ দৰে স্বাস্থ্য অটুত ৰাখিব পাৰিব।
১) বৃদ্ধাৱস্থাত যিহেতু পাকস্থলী দুৰ্বল হয় , সেইবাবে পাকস্থলীয়ে হজম কৰিব পৰা খাদ্যহে খাব লাগে।
২) বেছি মচলাযুক্ত , ঘিউ , মাখন , তেলযুক্ত খাদ্য পৰাপক্ষত খাব নালাগে ।
৩) সকলো প্ৰকাৰৰ পকা ফলৰ ৰস নিয়মীয়াকৈ ব্যৱহাৰ কৰাৰ অভ্যাস কৰিব লাগে।
৪) আহাৰ খাওঁতে অধিক পানী খাব নালাগে। আহাৰ গ্ৰহণ কৰাৰ আধা ঘণ্টাৰ আগে-পিছেহে পানী খাব লাগে।
৫) পকা অমিতা খাব লাগে আৰু ছালত সানিব লাগে ।
৬) আমলখি ছাঁত শুকুৱাই বৈয়াম এটাত ভৰাই তাত মৌৰ ৰস দি বতাহ সোমাব নোৱাৰাকৈ থৈ দিব লাগে।দিনত অন্তত মৌত ৰখা এটাকৈ আমলখি খালে ৮০/৮৫ বয়সতো ডেকাৰ নিচিনাকৈ তজবজীয়া হৈ থাকিব পাৰিব।
৭) পিঁয়াজ , নহৰু , আদা নিয়মীয়াকৈ খোৱা ভাল।কেঁচা পিয়াজে দেহত ৰক্ত বৃদ্ধি কৰে।নহৰুৱে শৰীৰত জমা হোৱা অতিৰিক্ত কলেষ্টৰেল হৃাস কৰিব পাৰে। ঠিক সেইদৰে আদায়েও আমাৰ স্বাস-প্ৰশ্বাসত বিভিন্ন ৰোগ প্ৰতিৰোধত সহায় কৰে।
৮) দিনৰ ভাগত কমেও এশ গ্ৰামকৈ দৈ খাব লাগে।দৈয়ে বিভিন্ন ৰোগ প্ৰতিৰোধ কৰে , ছাল নিমজ কৰে , খাদ্য হজম কৰাত সহায় কৰে আৰু আয়ুস বৃদ্ধি কৰিব পাৰে।
৯) ছালখন যাতে সদায় কোমল আৰু মসৃণ হয় , তাৰ বাবে খাদ্যপ্ৰাণ ‘গ’ যুক্ত ফলমূল যেনে —আমলখি , শিলিখা ,টেঙা জাতীয় ফল আৰু সেউজীয়া শাক- পাচলি খাব লাগে।
১০) মন সদায় প্ৰফুল্ল কৰি ৰাখিব লাগে । খোলা হাঁহি মাৰিব পাৰিলে ভাল।