শেহতীয়াকৈ জানিব পৰা মতে এইবাৰ ভাৰতৰ বলিউড জগতৰ জনপ্রিয় কণ্ঠশিল্পী চনু নিগম পত্নী পুত্র সহ ক’ভিডত আক্ৰান্ত হৈছে। শিল্পী গৰাকীয়ে ধেমালিৰ চলেৰে কয় যে, ‘আমি এতিয়া সুখী ক’ভিড পৰিয়াল’।
জনপ্রিয় গায়ক গৰাকীয়ে ইন্ষ্টাগ্ৰামত এটা ভিডিও আপলোড কৰি তেওঁৰ অনুৰাগীসকলক এই কথা জানিবলৈ দিয়ে ।
বৰ্তমান সময়ত নিগমৰ পত্নী মাধুৰীমা নিগম আৰু পুত্ৰ নিভান নিগমো কোভিডত আক্রান্ত হৈছে বুলি ইতিমধ্যে জানিবলৈ দিয়ে ডুবাইত থকা জনপ্ৰিয় শিল্পীসকলে ।এই খবৰে অৱশ্যেই চনু নিগমৰ অনুৰাগী সকলক দূখী কৰিছে আৰু সপৰিয়ালে শিল্পী গৰাকীৰ আশুআৰোগ্য কামনা কৰিছে সকলোৱে ৷