প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাৰ নেতৃত্বত ৰাজহুৱা খণ্ডৰ তেল-গেছ প্ৰতিষ্ঠান অ’ এন জি চি ৷ প্ৰতিষ্ঠানটোৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষ তথা পৰিচালন সঞ্চালক হিচাপে শেহতীয়াকৈ দায়িত্বভাৰ গ্ৰহণ কৰিছে অলকা মিট্টালে ৷পূৰ্বতে তেওঁ প্ৰতিষ্ঠানটোৰ এইচ আৰ বিভাগৰ সঞ্চালক হিচাপে নিয়োজিত আছিল ৷ এতিয়াৰে পৰা মিট্টালে অতিৰিক্তভাৱে প্ৰতিষ্ঠানটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক হিচাপেও দায়িত্ব পালন কৰিব ৷
উল্লেখনীয় যে ৰাজহুৱা খণ্ডৰ তেল –গেছ প্ৰতিষ্ঠানটোৰ পৰিচালন মণ্ডলীৰ আটাইতকৈ জেষ্ঠ সঞ্চালক হৈছে অলকা মিট্টাল ৷ দেশৰ ভিতৰতে এক আগশাৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠান অ’ এন জি চিক অলকা মিট্টালৰ নেতৃত্বই নিশ্চয় আৰু বহুদূৰ আগুৱাই নিবলৈ সক্ষম হ’ব ৷