দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমন ৷যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ৫৮,০৯৭ জন ক’ভিডত আক্ৰান্ত হৈছে ৷ এদিন পূর্বে এই সংখ্যা আছিল ৩৭,৩৭৯ জন ৷ এয়া এদিনতে ৫৫ শতাংশ অধিক সংক্ৰমন । যোৱা ২৮ ডিচেম্বৰত দেশত প্ৰায় ৯,০০০ জন লোক ক’ভিডত আক্ৰান্ত হৈছিল ৷ বিগত ন দিনত এই সংখ্যা ছয়গুণতকৈও অধিক বৃদ্ধি পাইছে। ভাৰতত অমিক্ৰন ভেৰিয়েন্টত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ২,১৩৫ জন ৷ইয়াৰে ৬৫৩ জন মহাৰাষ্ট্ৰৰ আৰু ৪৬৪ জন দিল্লীৰ ৷ সাপ্তাহিক পজিটিভিটি হাৰ হৈছে ২.৬০ শতাংশ ৷ আনহাতে দৈনিক পজিটিভিটিৰ হাৰ ৪.১৮ শতাংশ।
উল্লেখ্য যে দেশত ১৫-১৮ বছৰ বয়সৰ লোকসকলক টীকাকৰণ কৰা হৈছে। ভাৰতত ১৪৭ কোটিৰো অধিক ভেকচিন পালি প্ৰদান কৰা হৈছে ৷ এয়া ক’ভিডৰ বিৰুদ্ধে যুঁজত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে ৷ আনহাতে দেশত সুস্থতাৰ হাৰ হৈছে ৯৮.০১ শতাংশ। যোৱা ২৪ ঘণ্টাত কমেও ১৫,৩৮৯ জন লোক আৰোগ্য হৈছে। আৰোগ্য হোৱা লোকৰ মুঠ সংখ্যা হৈছে ৩,৪৩,২১,৮০৩ জন ৷ ইতিমধ্যে কেইবাখনো ৰাজ্যই সান্ধ্য আইন বলবৎ কৰাৰ লগতে বিভিন্ন নিষেধাজ্ঞা অৰোপ কৰিছে ৷