গুজৰাটৰ চুৰাটৰ এটা কোম্পানীত গেছ নির্গমনৰ ঘটনাত কমেও ছয়জন লোকৰ মৃত্যু হৈছে ৷ তদুপৰি এই ঘটনাত আহত ২০ জনক চুৰাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ অসামৰিক চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া ওমকাৰ চৌধুৰীয়ে প্ৰকাশ কৰা অনুসৰি চহৰখনৰ ছচিন জিআইডিচি অঞ্চলত এই ঘটনা সংঘটিত হৈছে ৷ স্থানীয় আৰক্ষীয়ে অঞ্চলটোত সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷ জানিব পৰা মতে এজন টেংকাৰ চালকে প্ৰিণ্টিং মিলৰ ওচৰৰ নলাত ৰাসায়নিক পদাৰ্থ পেলাই থকাৰ সময়তে এই গেছ নির্গমনৰ ঘটনা সংঘটিত হয় ৷ লগে লগে বিষাক্ত গেছ বতাহত মিহলি হৈ পৰে আৰু ৫জন লোকৰ মৃত্যু হয় ৷ এই ঘটনাত আন এজন লোক গুৰুতৰ ভাৱে আঘাটপ্ৰাপ্ত হয় আৰু পৰৱর্তী সময়ত তেওঁৰ মৃত্যু ঘটে ৷ এই ঘটনাৰ বিষয়ে গম পোৱাৰ লগে লগে চুৰাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷