দেশত শীঘ্ৰে ১২ ৰ পৰা ১৪ বছৰীয়া শিশুক প্ৰদান কৰা হ’ব ক’ভিড ভেকচিন ৷ অহা মার্চৰ পৰা দেশত উক্ত বয়সৰ শিশুসকলক প্ৰদান কৰা হ’ব ভেকচিন ৷ এই কথা প্ৰকাশ কৰিছে নেচনেল টেকনিকেল এডভাইছৰী গ্ৰুপ অন ইমুনাইজেচনৰ অধ্যক্ষ এন কে আৰোৰাই ৷ উল্লেখ্য যে ইতিমধ্যে দেশজুৰি ১৫-১৮ বছৰ বয়সৰ কিশোৰ কিশোৰীসকলক ভেকচিন প্ৰদান প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে ৷ উক্ত বয়সৰ মুঠ ৭.৪ কোটি লোকৰ ভিতৰত ৩.৪৫ কোটি লোকক ভেকচিন প্ৰদান কৰা হৈছে ৷
আৰোৰাই প্ৰকাশ কৰা অনুসৰি ১৫-১৮ বছৰ বয়সৰ কিশোৰ-কিশোৰীসকলে ভেকচিন প্ৰদান প্ৰক্ৰিয়াত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে ৷ ভেকচিন প্ৰদানৰ এই গতি অব্যাহত থাকিলে ১৫-১৮ বছৰ বয়সৰ হিতাধিকাৰীসকলক জানুৱাৰীৰ শেষৰ ফালে প্ৰথম পালি ভেকচিন প্ৰদান সম্পূর্ণ কৰিব পৰা যাব ৷ তদুপৰি তেওঁলোকৰ দ্বিতীয় পালি ভেকচিন ফেব্ৰুৱাৰীৰ শেষৰ ফালে সম্পন্ন হোৱাৰ সম্ভাৱনা আছে।১৫-১৮ বছৰ বয়সৰ লোকসকলক সামৰি লোৱাৰ পিছতে চৰকাৰে মাৰ্চ মাহত ১২-১৪ বছৰ বয়সৰ লোকসকলৰ বাবে ভেকচিন প্ৰদান অভিযান আৰম্ভ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি তেওঁ সদৰী কৰে ৷ ১২-১৪ বছৰ বয়সৰ ভেকচিন ল’বলগীয়া শিশুৰ সংখ্যা হৈছে আনুমানিক ৭.৫ কোটি।