অহা ৬ফ্ৰেব্ৰুৱাৰীত তামিলনাডুৰ শিৱলিংগপুৰম গাৱঁত মেটাভাৰ্ছ হেৰী পটাৰ-থিমযুক্ত বিবাহৰ এক বিশাল আয়োজন ৷জানিব পৰা মতে দম্পতীহালে এটা লিংকত লগ ইন কৰিব যি তেওঁলোকক এক ভাৰ্চুৱেল স্থানলৈ লৈ যাব – হৈছে হেৰী পটাৰ হগৱাৰ্টছ স্কুল অফ উইকট্ৰিক এণ্ড ৱিজাৰ্ডৰী ৷
দীনেশ আৰু তেওঁৰ ফিয়ানচিৰ ভাৰ্চুৱেল অৱতাৰে পৰম্পৰাগত ভাৰতীয় কাপোৰ পিন্ধিব আৰু তেওঁলোকৰ সকলো অতিথিক নিজৰ নিজৰ অৱতাৰ বাছনি কৰিবলৈ লিংক দিয়া হ’ব ৷
কোনো জুম কল বা গুগল মিট নহয়, তামিলনাডুত এই ফেব্ৰুৱাৰীত এক অভূতপূৰ্ব ভাৰ্চুৱেল বিবাহৰ সাক্ষী হ’ব ভাৰতবাসী ৷ ফেব্ৰুৱাৰীৰ প্ৰথমটো দেওবাৰে দীনেশ এছপি আৰু জনগণানন্দিনী ৰামাস্বামীয়ে মেটাভাৰ্চত তেওঁলোকৰ বিবাহ অভ্যৰ্থনা অনুষ্ঠান আয়োজন কৰিব। দম্পতীহালে ৰাতিপুৱা বিবাহপাশত আৱদ্ধ হ’ব, কিন্তু তেওঁলোকৰ অভ্যৰ্থনা সন্ধিয়া ডিজিটেলভাৱে আয়োজন কৰা হ’ব।
আইআইটি মাদ্ৰাজৰ সহযোগী দীনেশে কৈছিল যে পলিগন ব্লকচেইনত ই ভাৰতৰ প্ৰথম এক ব্যতিক্ৰমী বিবাহ হ’ব।দীনেশে কৈছিল যে এইটো তেওঁৰ মেটাভাৰ্ছ বিবাহৰ অভ্যৰ্থনা আয়োজন কৰাৰ ধাৰণা আছিল আৰু তেওঁৰ ছফ্টৱেৰ বিকাশকাৰী ফিয়ানচিয়েও এই ধাৰণাটো ভাল পাইছিল।
দীনেশে কৈছিল যে তেওঁ যোৱা এবছৰ ধৰি তেওঁ ক্ৰিপ্টোকাৰেন্সীত খনন কৰি আছে আৰু যিহেতু ব্লকচেইন হৈছে মেটাভাৰ্ছৰ মৌলিক প্ৰযুক্তি সেয়েহে তেওঁ মেটাভাৰ্চত এটা অভ্যৰ্থনা ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ উপৰিও, কোভিড পৰিস্থিতিৰ কথা বিবেচনা কৰি, দম্পতীহালে বিবাহৰ ধাৰণাটো উপযুক্ত বুলি এই সিদ্ধান্ত গ্র্হণ কৰিছিল।
দীনেশ আৰু তেওঁৰ ফিয়াঞ্চিৰ অৱতাৰবোৰে এই অভ্যৰ্থনা অনুষ্ঠানত পৰম্পৰাগত ভাৰতীয় সাজ পৰিধান কৰিব আৰু সকলো অতিথিক অৱতাৰ বাছনি কৰিবলৈ লিংক দিয়া হ’ব। তেওঁলোকে ভাৰতীয় আৰু পশ্চিমীয়া কাপোৰ পিন্ধিব আৰু এক ঘণ্টীয়া অভ্যৰ্থনা অনুষ্ঠানত বাৰ্তালাপ কৰিব। অতিথিসকলে উপহাৰবোৰ জিপে, উপহাৰ ভাউচাৰ, ক্ৰিপ্টোকাৰেন্সী আদিত উপস্থাপন কৰিবলৈ সক্ষম হ’ব।