বিগত কেইবাটাও নির্বাচনত শোচনীয় প্ৰদর্শনৰ অন্তত উত্তৰ প্ৰদেশৰ নির্বাচনক লৈ তৎপৰ হৈ পৰিছে কংগ্ৰেছ ৷ এইবাৰ বিধানসভা নির্বাচনত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰার্থী হিচাপে ছোনিয়া তনয়া প্ৰিয়ংকা গান্ধীক প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে ৷ আনকি এই কথা একেবাৰে অস্বীকাৰ কৰা নাই প্ৰিয়ংকা গান্ধীয়েও ৷ তেওঁ এইবাৰ মুখ্যমন্ত্ৰী পদৰ প্ৰার্থী হ’ব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় “ উত্তৰপ্ৰদেশত আপোনালোকে কংগ্ৰেছ দলৰ আন কাৰোবাৰ মুখ দেখিছে নেকি? সকলো ঠাইতে মোকেই দেখিব ৷”
ইপিনে আজি কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাই উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ বাবে দলৰ যুৱ ইস্তাহাৰ মুকলি কৰে ৷ আগন্তুক নির্বাচনৰ ৰণকৌশল সন্দর্ভত প্ৰিয়ংকা গান্ধীয়ে কয় যে কংগ্ৰেছ মিত্ৰতাৰ নির্বাচনত অৱতীর্ন হ’বলৈ সাজু হৈ আছে ৷ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কয়, “যদি পৰিস্থিতিয়ে দাবী কৰে তেনেহ’লে আমি মিত্ৰতাৰ বাবে সাজু ৷ কিন্তু আমি নিশ্চিত কৰিম যে মহিলা আৰু যুৱসকলৰ বিকাশৰ ওপৰত যাতে সর্বাধিক গুৰুত্ব প্ৰদান কৰা হয় ৷ “৷ কংগ্ৰেছৰ ইস্তাহাৰ মুকলি কৰি দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাদ্ৰাই লগতে কয় যে তেওঁলোকৰ নেতাসকলে সমগ্ৰ উত্তৰ প্ৰদেশতে যুৱপ্ৰজন্মৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ সমস্যাৰ বিষয়ে সুধিছিল। যুৱ প্ৰজন্মৰ ভাষ্যৰ ওপৰত ভিত্তি কৰি ইস্তাহাৰ খন প্ৰস্তুত কৰা হৈছে।