VOICE 24x7
Wednesday, June 29, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ১২০ সংখ্যক জন্ম দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছো

মাত্ৰ ৪৮ বছৰীয়া জীৱন পৰিক্ৰমাত অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ ভেটি সুদৃঢ় কৰি থৈ গ'ল ৰূপকোঁৱৰে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 17, 2022
in সংস্কৃতি
আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ১২০ সংখ্যক জন্ম দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছো
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

আজি ১৭ জুন ৷ অসমীয়া সাহিত্য-সংস্কৃতিৰ ভেটি গঢ়োতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ আজি ১২০ সংখ্যক জন্ম দিন ৷মাত্ৰ ১৬ বছৰ বয়সতে শ্ৰেষ্ঠ অসমীয়া আধুনিক নাটক ৰচনা কৰি অসমৰ সাহিত্যত এক সুকীয়া ধাৰা গঠন কৰা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল ১৯০৩চনৰ ১৭ জুনত ৷ ৪৮ বছৰীয়া  জীৱন পৰিক্ৰমাত অসমীয়া ভাষা-সাহিত্যৰ পৰা আৰম্ভ কৰি কবিতা, নাটক, প্ৰবন্ধ, সমালোচনা, শিশুসাহিত্য আদি সকলা দিশতে  এক অনবদ্য বৰঙণি আগবঢ়াই থৈ গ’ল তেওঁ। অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা এনে অনবদ্য অৱদানৰ বাবেই তেখেত “ৰূপকোঁৱৰ” নামেৰে সমাদৃত।

১৯৩৫ চনতে প্ৰথম সবাক অসমীয়া চলচ্চিত্ৰ ‘জয়মতী’ নিৰ্মাণ কৰি সমগ্ৰ পূৰ্বভাৰতত চলচ্চিত্ৰৰ এক অনন্য যাত্ৰা আৰম্ভ কৰা প্ৰসিদ্ধ গীতিকাৰ, নাট্যকাৰ, লেখক , স্বাধীনতা সংগ্ৰামী জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে অসমক যি দি গ’ল সেয়া শব্দৰে হয়তো প্ৰকাশ কৰিব নোৱাৰি ৷

তেখেতে মাত্ৰ ৪৮বছৰীয়া  জীৱন কালতেই  অসমীয়া সাহিত্য-সংস্কৃতিক মহীয়ান কৰি সৃষ্টি কৰি থৈ যোৱা সাহিত্য সমূহৰ ভিতৰত   গল্প সংকলন সমূহ আছিল –ৰূপহী,বগীতৰা,সোণতৰা,সোণটি,যুঁজাৰু,সতীৰ সোঁৱৰণি,সন্ধ্যা,শিলাকুটি,নীলাচৰাই আদি।আনহাতে তেওঁৰ কাব্য সংকলন হ’ল – লুইতৰ পাৰৰ অগ্নিসুৰ,জ্যোতি ৰামায়ণ৷  তেখেতে তেৰটামান শিশু উপযোগী কবিতাও লিখি থৈ গৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে “কম্পুৰ সপোন” নামৰ কবিতাটো ।

আগৰৱালা দেৱৰ  সম্পূৰ্ণ নাটক সংকলন কেইখন হ’ল -শোণিত কুঁৱৰী (১৯২৫),কাৰেঙৰ লিগিৰী (১৯৩o),লভিতা (১৯৪৮)’ৰূপালীম (১৯৩৮)’নিমাতী কইনা (১৯৬৪)’খনিকৰ (১৯৭৭)’ অসম্পূৰ্ণ নাটক,কনকলতা, সুন্দৰকোঁৱৰ,সোণপখিলী আদি  ।

ইয়াৰোপৰি জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে দুখনকৈ চলচ্চিত্ৰ নিৰ্মাণ কৰি  অসমীয়া চলচ্চিত্ৰ জগতলৈকো এক অভূতপূৰ্ব  অৱদান আগবঢ়াই থৈ গ’ল ৷সেয়েহে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয়। তেখেতে একক প্ৰচেষ্টাত অসমৰ  প্ৰথম আৰু দ্বিতীয়খন অসমীয়া বোলছবি নিৰ্মাণ কৰিছিল।১৯৩৫চনত ‘জয়মতী’ আৰু ১৯৩৯চনত ‘ইন্দ্ৰমালতী’ নিৰ্মাণ কৰিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ৷ লগতে  প্ৰায় ৩০০ৰো অধিক গীত ৰচনা কৰি নিজে সুৰ কৰিছিল ৰূপকোঁৱৰে । সেই গীত সমূহক অসমীয়া সংস্কৃতিত ‘জ্যোতি সংগীত’ হিচাপে  অভহিত কৰা হৈছে ।

১৯৫১চনৰ ১৭ জানুৱাৰীৰ দিনা মাত্ৰ ৪৮বছৰ বয়সতে এইজনা মহান মনিষীয়ে  পাৰ্থিৱ জীৱন ত্যাগ কৰে ৷ আগৰৱালা দেৱক আজি তেওঁৰ ১২০ সংখ্যক জন্ম দিৱসত  শ্ৰদ্ধাৰে সোঁৱৰিছো ৷

 

 

Previous Post

“পৃথিৱীৰ আটাইতকৈ দৰিদ্ৰ দেশবোৰৰ ভিতৰত আৰু অধিক দৰিদ্ৰ হৈ পৰিছে এখন দেশ “

Next Post

অৱশেষত আৰম্ভ হ’ল ভাৰতৰ প্ৰথমখন ব্যক্তিগত ৰে’ল যাত্ৰা ! ১,৫০০ যাত্ৰীয়ে একেলগে কৰিব পাৰে যাত্ৰা

Related Posts

অনুবাদ সাহিত্যৰ বাবে তিনি গৰাকী লেখকলৈ ২০২১ বৰ্ষৰ  সাহিত্য অকাডেমী বঁটা
সংস্কৃতি

অনুবাদ সাহিত্যৰ বাবে তিনি গৰাকী লেখকলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা

June 25, 2022
ন-জোঁৱাইক গাওঁবাসীৰ সৈতে পৰিচয় কৰাই দিবৰ বাবেই  গোৱাত উদযাপন কৰা হয় চাও জোয়াও উৎসৱ
সংস্কৃতি

ন-জোঁৱাইক গাওঁবাসীৰ সৈতে পৰিচয় কৰাই দিবৰ বাবেই গোৱাত উদযাপন কৰা হয় চাও জোয়াও উৎসৱ

June 24, 2022
প্ৰাক্তন স্বামী জনি ডেপৰ সৈতে মানহানিৰ বিচাৰৰ পিছত চৰ্চালৈ অহা ‘একুৱামেন’ অভিনেত্ৰী ‘এম্বাৰ হাৰ্ড’  বিশ্বৰ  আটাইতকৈ ধুনীয়া মহিলা
সংস্কৃতি

প্ৰাক্তন স্বামী জনি ডেপৰ সৈতে মানহানিৰ বিচাৰৰ পিছত চৰ্চালৈ অহা ‘একুৱামেন’ অভিনেত্ৰী ‘এম্বাৰ হাৰ্ড’ বিশ্বৰ আটাইতকৈ ধুনীয়া মহিলা

June 22, 2022
অসমৰ বিশিষ্ট চিত্ৰশিল্পী ৰবীন বৰুৱাৰ দেহাৱসান
সংস্কৃতি

অসমৰ বিশিষ্ট চিত্ৰশিল্পী ৰবীন বৰুৱাৰ দেহাৱসান

June 21, 2022
মানসিক স্বাস্থ্যৰ প্ৰতি সমৰ্পিত প্ৰথম থিয়েটাৰ মহোৎসৱৰ সাক্ষী হ’বলৈ সাজু হৈছে মহাৰাষ্ট্ৰ
সংস্কৃতি

মানসিক স্বাস্থ্যৰ প্ৰতি সমৰ্পিত প্ৰথম থিয়েটাৰ মহোৎসৱৰ সাক্ষী হ’বলৈ সাজু হৈছে মহাৰাষ্ট্ৰ

June 17, 2022
৯ ছেপ্টেম্বৰত মুক্তি লাভ কৰিব ৰণবীৰ  আৰু আলিয়া অভিনীত ‘ব্ৰহ্মাস্ত্ৰ’ই
সংস্কৃতি

৯ ছেপ্টেম্বৰত মুক্তি লাভ কৰিব ৰণবীৰ আৰু আলিয়া অভিনীত ‘ব্ৰহ্মাস্ত্ৰ’ই

June 15, 2022
Next Post
অৱশেষত আৰম্ভ হ’ল ভাৰতৰ প্ৰথমখন ব্যক্তিগত ৰে’ল যাত্ৰা ! ১,৫০০ যাত্ৰীয়ে একেলগে  কৰিব পাৰে যাত্ৰা

অৱশেষত আৰম্ভ হ’ল ভাৰতৰ প্ৰথমখন ব্যক্তিগত ৰে’ল যাত্ৰা ! ১,৫০০ যাত্ৰীয়ে একেলগে কৰিব পাৰে যাত্ৰা

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7