VOICE 24x7
Friday, September 22, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অসমীয়া সংস্কৃতিত নিচুকনি গীত

নীতা চক্রবর্ত্তী by নীতা চক্রবর্ত্তী
November 23, 2021
in সংস্কৃতি
অসমীয়া সংস্কৃতিত নিচুকনি গীত
0
SHARES
831
VIEWS
Share on FacebookShare on Twitter

অসমীয়া মৌখিক সাহিত্যৰ এটা অংগ হ’ল নিচুকনি গীত। প্ৰতিগৰাকী মাকে নিজৰ কেঁচুৱাটোক শুৱাবলৈ নিচুকনি গীত গুণগুণায়। মাকৰ মৰমসনা কণ্ঠস্বৰেৰে নিগৰিত হোৱা গীত শুনি কান্দি থকা কেঁচুৱাও টোপনি যাবলৈ বাধ্য হয়।

নিচুকনি গীতক ‘ধাই নাম’ বুলিও কোৱা হয়। শিশুটোক শুৱাবলৈ ধাই সকলে নিচুকনি গীত বা ধাই নামৰ আশ্ৰয়  লয়।

কুমলীয়া শিশুৰ মনত লৌকিক , অলৌকিক , বাস্তৱ-অবাস্তৱৰ প্ৰশ্ন নাই। বিস্ময় আৰু কৌতুহলতাই শিশুক আনন্দ দিয়ে—–

জোন বাই এ , বেজি এটা দিয়া।

“বেজিনো কেলেই?

মোনা  সিবলৈ।

মোনা নো কেলেই?

ধন ভৰাবলৈ।”

ঠিক তেনেকৈ —ৰ’দালিক ৰ’দ দিবলৈ কোৱাত শিশু আনন্দিত হয়।

“ৰ’দালিয়ে ৰ’দ দে ৰ’দ দে

আলি কাটি জালি দিম

বৰ পিৰা পাৰি দিম

তাতে বহি ৰ’দ দে ৰ’দ দে।”

তেনেদৰে শিয়ালিৰ কাণ কাটি বাতি লগোৱাৰ নিচিনা কথাও শিশু মনে বিশ্বাস কৰে—-

“শিয়ালি এ নাহিবি ৰাতি

তোৰে কানে কাটি লগামে বাতি।”

মাকে কেঁচুৱাক কোঁচত ওমোলাই যেতিয়া গুণগুণাই—

আমাৰে মইনা শুব , বাৰীতে বগৰী ৰুব

“বাৰীৰে বগৰী পকিব সৰিব

আমাৰে মইনাই বুটলি খাব।”

এই গীত শুনি কেঁচুৱাৰ লগতে ডাঙৰৰো  টোপনি যে আহে  এই কথা  মানিবই লাগিব।

গোৱালপাৰা জিলাত নিচুকনি গীতবোৰক “চাৱা ভুলকা”  গীত বোলে।

 

“চম্পাৰে চম্পা

ধৰতো চাৱাটা

ধলা বিলাইটা

ঘৰত চান্দাইছে।

কয়দিন হাতে

ধলা বিলাইটাৰ

বুন্দি হাৰাইছে

ঐ দিন ৰাতি

বুন্দি বিলাইটাক

হাপায় ধৰিছে।”

(বুন্দি বিলাই–মেকুৰী  ; হাপা-হেপা ; ধলা-বগা)

মেকুৰীটোৱে হাপা টোক বিচাৰি ঘৰত সোমাইছে বুলি কোৱাত শিশুটোৱে ভয় কৰে  আৰু আমনি কৰা বাদ দি শুই যায়।

” জোনাক কাকা আয় আয়

চাঙেৰ তলত বাসা দিম

দুধ-ভাত খাবা দিম

গাই বিয়ালে বাচুৰ দিম

আমাৰ বেটাৰ মাথাত

টুকুত দিয়া যা ৰে।”

কোমলীয়া মনত  কৌতুহল বা বিস্ময়ৰ  সৃষ্টি কৰি আনন্দৰ সমল যোগোৱা  এই নিচুকনি গীতবোৰ  আমাৰ সংস্কৃতিৰ আপুৰুগীয়া সম্পদ। যান্ত্ৰিক যুগত আমি সময়ৰ অভাৱত  নিচুকনি গীতৰ বিকল্প হিচাপে শিশুৰ হাতত মোবাইল তুলি দিবলৈ বাধ্য হওঁ যদিও এয়া কোনোপধ্যে সমীচিন নহয়। আমাৰ ব্যস্ততাভৰা দিনবোৰৰ মাজত সময় উলিয়াই আমি নিচুকনি গীতৰ জৰিয়তে শিশুক আনন্দ দিয়াৰ লগতে আমাৰ সংস্কৃতিক নিশ্চয় জীয়াই ৰাখিব পাৰোঁ।

Previous Post

চীনত জন্মৰ হাৰ এইবাৰ ১ শতাংশলৈ নিম্নগামী

Next Post

চৰকাৰৰ কিছু গুৰুত্বপূৰ্ণ ঘোষণা

Related Posts

ৰাজ্যজুৰি বিশ্বকর্মা পূজাৰ প্ৰস্তুতি, পূজাৰ সামগ্ৰীৰে ভৰিছে বজাৰ
সংস্কৃতি

ৰাজ্যজুৰি বিশ্বকর্মা পূজাৰ প্ৰস্তুতি, পূজাৰ সামগ্ৰীৰে ভৰিছে বজাৰ

September 17, 2023
৯৭ সংখ্যক ওপজা দিনত সুধাকণ্ঠৰ গীত-মাতেৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ
সংস্কৃতি

৯৭ সংখ্যক ওপজা দিনত সুধাকণ্ঠৰ গীত-মাতেৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ

September 8, 2023
“ভাওৰীয়া”ৰ ১৫ দিনীয়া বাটৰ নাট আৰু  নাট কৰ্মশালাৰ শুভাৰম্ভণি
সংস্কৃতি

“ভাওৰীয়া”ৰ ১৫ দিনীয়া বাটৰ নাট আৰু নাট কৰ্মশালাৰ শুভাৰম্ভণি

September 7, 2023
তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব “প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ”
সংস্কৃতি

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব “প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ”

September 2, 2023
জংকি শর্মালৈ চলিত বৰ্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা
সংস্কৃতি

জংকি শর্মালৈ চলিত বৰ্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা

August 28, 2023
অসমীয়া ভাষাৰ অতন্দ্ৰ প্ৰহৰী  দেৱেন দত্তৰ স্মৃতি ৰক্ষাৰ বাবেই  এক বিশেষ পদক্ষেপ ল’লে ইছমাইল হুছেইনে
সংস্কৃতি

অসমীয়া ভাষাৰ অতন্দ্ৰ প্ৰহৰী দেৱেন দত্তৰ স্মৃতি ৰক্ষাৰ বাবেই এক বিশেষ পদক্ষেপ ল’লে ইছমাইল হুছেইনে

August 21, 2023
Next Post
পশ্চিমবঙ্গৰ উপ-নিৰ্বাচনত অন্যতম তাৰকা প্ৰচাৰক অসমৰ মুখ্যমন্ত্ৰী

চৰকাৰৰ কিছু গুৰুত্বপূৰ্ণ ঘোষণা

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

দেশৰ অন্যতম ধনী ব্যক্তি মুকেশ আম্বানীয়ে কি খাদ্য গ্ৰহণ কৰে জাননে ?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7