শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী কুমাৰ চৌবেয়ে জানিবলৈ দিয়া মতে, ৭ এপ্ৰিলত ‘প্ৰজেক্ট এলিফেণ্ট’ৰ ৩০ বছৰীয়া সাফল্য উদযাপনৰ লগতে হাতীৰ সংৰক্ষণৰ প্ৰচেষ্টাক শক্তিশালী কৰাৰ উদ্দেশ্যে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে উদ্বোধন কৰিব দুদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া “গজ উৎসৱ” ।
হাতী, ইয়াৰ বাসস্থান আৰু প্ৰব্ৰজনৰ পথ সংৰক্ষণ, মানুহ আৰু হাতীৰ মাজত সংঘাত হ্ৰাস কৰা, ভাৰতত বন্দী হাতীৰ স্বাস্থ্য নিশ্চিত কৰা আদি উদ্দেশ্য সমূহ আগত লৈ ভাৰত চৰকাৰে ১৯৯১-১৯৯২ চনত সৃষ্টি কৰিছিল এই ‘প্ৰজেক্ট এলিফেণ্ট’ৰ ।এই “প্ৰজেক্ট এলিফেণ্ট’’ৰ ৩০ বছৰীয়া কাৰ্যকৰীতাক স্বীকৃতি দিবলৈ ভাৰত চৰকাৰে ৭ আৰু ৮ এপ্ৰিলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দুদিনীয়াকৈ এই গজ উৎসৱ উদযাপন কৰিবলৈ লৈছে যাৰ উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে ৷
অসমৰ মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰী ভূপেন্দৰ যাদৱ, প্ৰধান বন সংৰক্ষক, মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেন, স্থানীয় জনগোষ্ঠীৰ সদস্য, নাগৰিক সমাজ, বেচৰকাৰী সংস্থা, স্কুলীয়া ছাত্ৰ-ছাত্ৰী, মাউত আদি সকলোৱে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৷
১৯৭২ চনৰ ‘বন্যপ্ৰাণী সংৰক্ষণ আইন’ অনুসৰি হাতীক ৰাষ্ট্ৰীয় ঐতিহ্য হিচাপে তালিকাভুক্ত কৰা হৈছে। বিশ্বৰ ৬০% তকৈ অধিক বন্যহস্তী আছে ভাৰতত। প্ৰধানকৈ ভাৰতৰ দক্ষিণ আৰু উত্তৰ-পূব অঞ্চলৰ লগতে পূব-মধ্য আৰু উত্তৰ অঞ্চলত বেছিকৈ হাতী পোৱা যায়।আনহাতে ভাৰতৰ ভিতৰতে অসমত যথেষ্ট সংখ্যক হাতী আছে।
জানিবপৰা মতে ৬ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈ অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীপ আৰু হাতী ছাফাৰী বন্ধ থাকিব।গজ উৎসৱ ২০২৩ৰ বাবেই এই সিদ্ধান্ত লোৱা হৈছে বুলি বুধবাৰে টুইট কৰি জনাইছে অসম বন বিভাগে ৷ “গজ” উদযাপনৰ পৰিপ্ৰেক্ষিতত ২০২৩ চনৰ ৬ এপ্ৰিলৰ পৰা ৮ এপ্ৰিললৈ পৰ্যটকৰ বাবে বন্ধ থাকিব উদ্যানখনৰ সকলো ৰেঞ্জৰ জীপ ছাফাৰী আৰু হাতী ছাফাৰী ৷