VOICE 24x7
Sunday, December 10, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চীনৰ ‘ফা-চিত’ আৰু অসমীয়াৰ ‘গামোচা’

চীনৰ টাই লুৱে জনগোষ্ঠীৰ তাঁতশালত বোঁৱা হয় এই ‘ফা-চিত’

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
April 6, 2023
in সংস্কৃতি
চীনৰ ‘ফা-চিত’ আৰু অসমীয়াৰ ‘গামোচা’
0
SHARES
110
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ সামাজিক মাধ্যমত বহুল ভাৱে প্ৰচাৰিত হোৱা এটি বাতৰিক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে বহু লোক ৷চীনৰ কিছু আচৰিত কাৰ্য্যক লৈ উত্তৰ-পূৰ্বাঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়া সৃ্ষ্টি হোৱাৰ সময়তে এই বাতৰিটোৱে নিশচয়কৈ আচৰিত কৰি তুলিছে বহুজনক ৷

জনপ্ৰিয় সামাজিক মাধ্যম হোৱাটছএপত প্ৰচাৰিত হৈ থকা এই বাৰ্তাটোত লিখা হৈছে যে চীনৰ টাই লুৱে জনগোষ্ঠীৰ ফা-চিত আৰু অসমীয়াৰ ফুলাম গামোচা খনৰ সাংঘাতিক ধৰণৰ মিল আছে ৷ চীনৰ য়ুনান প্ৰদেশৰ ‘টাই লুৱে’ জনগোষ্ঠীৰ লোক সকলে ঠিক অসমৰ লোকৰ দৰেই  দৰেই তাঁতশালত ‘ফা-চিত’ প্ৰস্তুত কৰি উলিয়াই আৰু চীনতো এই ‘ফা-চিত’ সৰুৱে ডাঙৰক, আলহী অতিথিক সন্মান জনাই আৰু প্ৰেমাস্পদক উপহাৰ হিচাপে দিয়াৰ নিয়ম আছে।

বাৰ্তাটোত উল্লেখ কৰা অনুসৰি ‘টাই লুৱে’বা উত্তৰ দিশৰ ডাই সকল চীনৰ য়ুনান প্ৰদেশৰ বাসিন্দা।আনহাতে গুৰুত্বপূৰ্ণ কথা হ’ল যে আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চ্যাওল্যুং চ্যুকাফাও তাৰ পৰাই আহিছিল অসমলৈ। আনহাতে মন কৰিবলগীয়া কথাটো হ’ল টাই আহোম ভাষাতো গামোচা খনক ‘ফা-চিত’ বুলিয়েই কোৱা হয়।

অৱশ্যে এই বাৰ্তাটোৰ যোগেদি এই প্ৰশ্নও উত্থাপন কৰা হৈছে যে চ্যাওলুং চ্যুকাফাৰ লগতে যদি এই ‘ফা-চিত’ বা গামোচাখন চীন দেশৰ পৰা অসমলৈ অহা বুলি ধৰি লোৱা হয় , তেন্তে চ্যুকাফা অহাৰ আগতে অসমত আজিৰ অসমীয়া গামোচাৰ প্ৰচলন আছিল নে নাই ?সেই বিষয়ে নিশ্চয় গৱেষণাৰ থল আছে বুলিও ভাবিব পাৰি ।

গতিকে এই সন্দৰ্ভত গুণী-জ্ঞানী তথা গৱেষক পণ্ডিত সকলৰ পৰা প্ৰকৃত সত্য জনাৰ ইচ্ছা প্ৰকাশ কৰিছে সচেতন মহলে  ।কিয়নো ন কৈ শুনিবলৈ পোৱা এই তথ্যৰ বিষয়ে  অধিক জানিবলৈ নিশ্চয় অধিক আগ্ৰহী হৈ পৰিছে সকলো  ।

অৱশ্যে ইতিহাসবিদ ড০ লীলা গগৈৰ মতে আহোম সাম্ৰাজ্যৰ দিনতো অসমত গামোচাৰ প্ৰচলন আছিল ৷ চ্যুকাফাই অসমলৈ গামোচা লৈ অহাৰ ইতিহাস পোৱা নাযায় ৷ আনহাতে অসমত মহাপুৰুষ  শ্ৰীমন্ত শংকৰদেৱৰ দিনতো গামোচাৰ প্ৰচলন হোৱাৰ কথা জানিব পৰা যায় ৷

এডৱাৰ্ড  গেইটৰ ‘আ হিষ্টৰী অৱ আছাম’ (A History Of Assam)গ্ৰন্থত উল্লেখ থকা মতে ১৮শতিকাত এখন গামোচাৰ মূল্য আছিল মাত্ৰ ৫পইচা ৷ ইয়াৰ দ্বাৰাই ঠাৱৰ কৰিব পৰা যায় যে অসমত অতি প্ৰাচীন কালৰে পৰাই গামোচাৰ প্ৰচলন হৈ আছে ৷

Previous Post

কিয় আগতকৈ বেছিকৈ হাঁহিবলৈ লৈছে কোহলীয়ে , ৰহস্য ফাদিল কৰিলে বন্ধু ডি ভিলিয়ার্ছে

Next Post

শিশুক ব্যস্ত কৰি ৰাখিবলৈ মোবাইল দিয়াৰ পৰিণতি , হেৰুৱালে ২.৪৭ লাখ টকা , কেনেকৈ !

Related Posts

অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম
মুখ্য সংবাদ

অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম

October 1, 2023
ৰাজ্যজুৰি বিশ্বকর্মা পূজাৰ প্ৰস্তুতি, পূজাৰ সামগ্ৰীৰে ভৰিছে বজাৰ
সংস্কৃতি

ৰাজ্যজুৰি বিশ্বকর্মা পূজাৰ প্ৰস্তুতি, পূজাৰ সামগ্ৰীৰে ভৰিছে বজাৰ

September 17, 2023
৯৭ সংখ্যক ওপজা দিনত সুধাকণ্ঠৰ গীত-মাতেৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ
সংস্কৃতি

৯৭ সংখ্যক ওপজা দিনত সুধাকণ্ঠৰ গীত-মাতেৰে মুখৰিত ৰাজ্যৰ আকাশ বতাহ

September 8, 2023
“ভাওৰীয়া”ৰ ১৫ দিনীয়া বাটৰ নাট আৰু  নাট কৰ্মশালাৰ শুভাৰম্ভণি
সংস্কৃতি

“ভাওৰীয়া”ৰ ১৫ দিনীয়া বাটৰ নাট আৰু নাট কৰ্মশালাৰ শুভাৰম্ভণি

September 7, 2023
তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব “প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ”
সংস্কৃতি

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব “প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ”

September 2, 2023
জংকি শর্মালৈ চলিত বৰ্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা
সংস্কৃতি

জংকি শর্মালৈ চলিত বৰ্ষৰ লক্ষেশ্বৰ হাজৰিকা স্পন্দন বঁটা

August 28, 2023
Next Post
শিশুক ব্যস্ত কৰি ৰাখিবলৈ মোবাইল দিয়াৰ পৰিণতি , হেৰুৱালে ২.৪৭ লাখ টকা , কেনেকৈ !

শিশুক ব্যস্ত কৰি ৰাখিবলৈ মোবাইল দিয়াৰ পৰিণতি , হেৰুৱালে ২.৪৭ লাখ টকা , কেনেকৈ !

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0
  • বিশ্বকাপত ভাৰতৰ পৰাজয়ৰ দুখ সহিব নোৱাৰি গুৱাহাটীত যুৱকৰ যুৱকৰ কৰুণ মৃত্যু

    0 shares
    Share 0 Tweet 0
  • দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

    0 shares
    Share 0 Tweet 0
  • শিক্ষাসেতু এপত নাই উপস্থিতি , কোন জিলাৰ শিক্ষকৰ বিৰুদ্ধে শিক্ষামন্ত্ৰীয়ে দিলে তদন্তৰ নির্দেশ !

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

নগাঁৱৰ কুঁৱৰীটোল শিশু বিদ্যাপীঠত ইলোৰা বিজ্ঞান মঞ্চৰ অন্ধবিশ্বাস বিৰোধী দিৱস উদযাপন

December 10, 2023
🙏 দৈনিক ৰাশিফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

December 10, 2023
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

December 9, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7