আদিম অৱস্থাত মানুহৰ মনত গহনা-গাঁঠৰি পৰিধান কৰাৰ মানসিকতা গঢ়ি উঠিছিল। এই অলংকাৰৰ জন্ম কাহিনী বৰ আমোদজনক। তেওঁলোকে আহাৰৰ কাৰণে চিকাৰ কৰি অনা জীৱ -জন্তুবোৰৰ নখ , পাখি , দাঁত ,ছাল আদি গাত ওলোমাই লবলৈ আৰম্ভ কৰিলে।বৃহৎ আৰু দুস্প্ৰাপ্য জীৱ -জন্তু বধ কৰাৰ আনন্দ আৰু গৌৰৱেৰে এনে কাৰ্য কৰি বীৰত্ব প্ৰদৰ্শণ কৰিবলৈ লোৱা বুলি জানিব পৰা যায়। বিশ্বাস বা যাদু বিদ্যাৰ বাবে এনে কাৰ্য কৰা বুলি নৃতত্ত্ববিদ সকলে কব খোজে।
আমাৰ অসমীয়া সমাজতো গহনা – গাঁঠৰি পৰিধান কৰাৰ প্ৰথা অতি প্ৰাচীন কালৰে পৰা চলি আহিছে। পুৰণি কালত অসমীয়া সমাজত পুৰুষ-নাৰী উভয়ে অলংকাৰ পৰিধান কৰাৰ কথা বুৰঞ্জীত পোৱা যায়।
আমাৰ অসমীয়া সমাজত ব্যৱহৃত কিছুমান গহনা-গাঠৰি হ’ল–
লোকাপাৰ :–
চাৰিমুখীয়া পাৰ চৰাইৰ আৰ্হিত এইবিধ অলংকাৰ গঢ়া হয়। লোকাপাৰ মূলতো কাণৰ অলংকাৰ। লোকাপাৰ সোণৰ আৰু বাখৰ খটোৱা।উল্লেখযোগ্য যে আহোম স্বৰ্গদেউ সকলৰ দিনত ৰজা -আৰু ডা-ডাঙৰীয়া সকলে লোকাপাৰ পিন্ধিছিল।
কেৰু:–
কেৰু এবিধ সোণৰ অলংকাৰ। কেৰু দেখাত প্ৰায় পদুম ফুলৰ দৰে। কেৰুৰ পাহিবোৰত বাখৰ খটোৱা থাকে। আহোম যুগত ৰজা বা ডা -ডাঙৰীয়া সকলৰ তলতীয়া পুৰুষ সকলেহে কেৰু পিন্ধিছিল ।
মতামনি:-
মতামনি পুৰুষৰ অলংকাৰ। মতামনি সাধাৰণতে সোণৰ আৰু বাখৰেৰে গঢ়া হয়।মনিটোৰ ভিতৰখন ফোপোলা হয়।মতামনিৰ মাজে মাজে ৰঙা পোৱালমণিও গঠা থাকে।
মগৰদানা:-
মগৰদানা দেখাত মালাৰ দৰে যদিও সম্পূৰ্ণ মালা নহয়।দুয়ো মূৰে দুটা মগৰৰ মুখৰ আকৃতি থাকে বাকী অংশত মাছৰ বাকলিৰ দৰে ফুল বচা থাকে। এইবিধ পুৰুষৰ অলংকাৰ।
গামখাৰু:-
সোণ আৰু ৰূপ উভয়েৰে গামখাৰু গঢ়া হয়। গামখাৰু হাতত পিন্ধা অলংকাৰ।গামখাৰুৰ মাজত শ’লা এডাল থাকে আৰু খুলিবৰ সময়ত শ’লাডাল খুলি ল’ব পাৰি।প্ৰাচীন কালত গামখাৰু পুৰুষ আৰু মহিলা উভয়ে পিন্ধিছিল যদিও পাছত গামখাৰু মহিলাৰ অলংকাৰ হিচাপে বিবেচিত হল।
দুগদুগী:-
দুগদুগী দেখাত পাণখিলাৰ দৰে।দুগদুগীৰ মাজত মিনা কৰা আৰু বাখৰ খটোৱা থাকে। এইবিধ নাৰীৰ অলংকাৰ।
জোনবিৰি আৰু বেনা :-
দেখিবলৈ কাঁচিজোনটোৰ দৰে। জোনবিৰিৰো মাজত মিনা কৰা বাখৰ পতোৱা থাকে। জোনবিৰি আৰু বেনা আকৃতিত ডাঙৰ হলে তাক গেজেৰা বোলে।এইবোৰ মহিলাৰ অলংকাৰ।
মালামনি:-
সৰু সৰু সোণৰ মনিৰ বাখৰ পতোৱা মালাধাৰিকে মালামনি বোলে ।মনিটো মটৰ মাহটোৰ দৰে হলে তাক মটৰ মনিও বোলে।
চিতি পাতি:-
চিতিপাতি এবিধ মূৰত পিন্ধা মহিলাৰ গহনা।
কাণফুল:-
কাণফুল সাধাৰণতে সৰু ল’ৰা-ছোৱালীৰ কাণৰ গহনা।কাণফুল দেখাত পদুমফুলৰ দৰে। কেতিয়াবা কেৰুৰ আৰ্হিতো গঢ়া হয়।
গলপতা:-
গলপতা মহিলাই পিন্ধা ডিঙিৰ গহনা। গলপতাৰ দুয়োকাষে দুধাৰ মনি থাকে।
নাকফুল আৰু নলক:-
মহিলাই নাকত পিন্ধা অলংকাৰ। নাকত পিন্ধা গহনা দুবিধ।এবিধ নাক ফুল আৰু আনবিধ নলক।
আঙুঠি:-
আঙুঠি পুৰুষ -মহিলা উভয়ে হাতত পিন্ধা অলংকাৰ।বিভিন্ন গঢ়ৰ আঙুঠিৰ নামো বেলেগ বেলেগ।মোহৰপতা , বাখৰপতা , জেঠীনেজীয়া ,সোণপতা আঙঠি ইত্যাদি।
বাজু:-
পূৰ্বতে অসমীয়া নাৰীয়ে বাহুত বাজু পিন্ধিছিল।সোণ আৰু ৰূপেৰে গঢ়া বাজুৰ মাজ ভাগ ফোপোলা।
খাৰু আৰু পাজোপ:-
প্ৰাচীন কালত অসমীয়া নাৰীয়ে ভৰিত গহনা পিন্ধিছিল। এই গহনা দুবিধ।খাৰু আৰু পাজোপ।ৰূপেৰে গঢ়া খাৰুৰ মাজ ভাগ ফোপোলা আৰু সৰু সৰু শিল গুটি ভৰোৱা থাকে।খোজ কাঢ়িলে জুনুক জুনুক শব্দ হয়।
উঝান্তি বা উজান্তি:-
ভৰিৰ আঙুলিত পিন্ধা আঙুঠিক উঝান্তি বা উজান্তি বোলে।
অতীজৰে পৰা বৰ্তমান লৈকে পুৰুষ-মহিলা উভয়ে অলংকাৰ পৰিধান কৰি আহিছে। অলংকাৰ পিন্ধিলে দেখিবলৈ বেছি ধুনীয়া হয় বাবে মহিলাৰ মাজত অলংকাৰৰ ব্যৱহাৰ অধিক আৰু এই গহনাবোৰ ছোৱালী বা মহিলাৰ অতি মৰমৰ। আমি সকলোৱে অলংকাৰ পিন্ধি ধুনীয়া হৈ থকাৰ লগতে অসমৰ আপুৰূগীয়া সম্পদবোৰ সংৰক্ষণ কৰি ৰাখিব লাগে কিয়নো এয়া আমাৰ ঐতিহ্য।