VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

‘পেলেচ অন হুইলছ’ ভাৰতৰ প্ৰথমখন বিলাসী ৰে’ল

বিশ্বৰ দ্বিতীয়খন বিলাসী ট্ৰেভেল ট্ৰেইন হিচাপে স্বীকৃতি  লাভ কৰিছে ‘পেলেচ অন হুইলছে’

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
December 1, 2022
in অৰ্থনীতি
‘পেলেচ অন হুইলছ’ ভাৰতৰ প্ৰথমখন বিলাসী ৰে’ল
0
SHARES
4
VIEWS
Share on FacebookShare on Twitter

‘পেলেচ অন হুইলছ’ এখন ৰে’ল যিখন ৰে’লৰ ডবাত প্ৰৱেশ কৰাৰ লগে লগে যাত্ৰীয়ে এনে  অনুভৱ কৰে যেন  তেওঁলোক  এটা ৰাজপ্ৰসাদলৈহে আহিছে। উল্লেখনীয় যে এই ৰে’লখনৰ প্ৰতিটো ডবাই  কোচ ৰজাৰ শৈলীত ডিজাইন কৰা হৈছে  ৷

ৰে’লখনত আছে ফাইভষ্টাৰ হোটেলত থকা সকলো সা-সুবিধা ৷ ৰে’লখনৰ ভিতৰতে আছে বিলাসী ছুইট, জিম,স্পা, বাৰ আৰু বহুতো। এই কাৰণেই ‘পেলেচ অন হুইলছে’ বিশ্বৰ দ্বিতীয়খন বিলাসী ৰে’লৰ খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে । কৰ’ণা কালত ২ বছৰ ৰে’ল যাত্ৰাত বিৰতি আছিল যদিও   এইবাৰ ১২ অক্টোবৰৰ পৰা  জয়পুৰবাসীক ৰাজকীয় শৈলীত আদৰিবলৈ সাজু হৈছে এই ৰে’লখন।

১৯৮২ চনৰ ২৬ জানুৱাৰীত প্ৰথম বাৰৰ বাবে যাত্ৰা আৰম্ভ কৰা  ‘পেলেচ অন হুইলছ’ হৈছে ভাৰতৰ প্ৰথমখন বিলাসী ৰে’ল। এইখন ৰাজস্থানৰ আটাইতকৈ বিখ্যাত ৰে’ল যি  দিল্লীৰ পৰা যাত্ৰীসকলক লৈ ৰাজস্থানৰ বিভিন্ন দুৰ্গ আৰু ৰাজপ্ৰসাদসমূহ  ভ্ৰমণ কৰে। এই ৰে’লখনত ৮২ জন যাত্ৰীৰ বাবে আছে ৩৯টা ডিলাক্স কেবিন আৰু ২টা ছুপাৰ ডিলাক্স কেবিন।  প্ৰতিটো কেবিনত সংলগ্ন একো একোটাকৈ ৱাছৰুম ।

 

গুৰুত্বপূৰ্ণ কথা যে এই বিলাসী ৰে’লখনৰ প্ৰতিটো কেবিনৰ নাম ৰাজস্থানৰ একো একোটা ৰাজপ্ৰসাদ আৰু দুৰ্গৰ নামেৰে ৰখা হৈছে। আনহাতে  ৰে’লখনৰ সৌন্দৰ্য্যই সকলোকে আকৰ্ষিত কৰে। ৰেলখনৰ প্ৰতিটো ডবা ভিতৰৰ পৰা ফিৰোজা, ৰুবি আৰু মুকুতাৰ ৰঙেৰে সজাই তোলা হৈছে । ইয়াত দুখন ৰেষ্টুৰেণ্টো নিৰ্মাণ কৰা হৈছে  য’ত অতিথিসকলক ৰাজকীয় খাদ্য আগবঢ়োৱা হয়। এই বিলাসী ৰে’লখনে পৰ্যটকসকলক এসপ্তাহৰ বাবে যাত্ৰাত লৈ যায়।

‘পেলেচ অন হুইলছ’ৰে যাত্ৰা কৰাৰ বাবে  এজন যাত্ৰীৰ এৰাতিৰ ভাড়া ৫৫ হাজাৰ টকা ।অৱশ্যে  ৰে’লত পানীয়, সুৰা, বিয়েৰ, কাপোৰ ধোৱা আৰু স্পাৰ বাবে সুকীয়াকৈ মূল্য পৰিশোধ কেৰিব লাগে  যাত্ৰী সকলে । আনহাতে ৫ বছৰ পৰ্যন্ত শিশুৰ বাবে কোনো ধৰণৰ মূল্য লোৱা নহয় যদিও  ৫ৰ পৰা ১০ বছৰ বয়সৰ শিশুৰ  আধা ভাড়া লোৱা হয় এই ৰে’ল যাত্ৰাত ।

 

‘পেলেচ অন হুইলছ’ৰ বিষয়বস্তু  অতি বিশেষ  বাবেই ইয়াক চলন্ত ৰে’লত থকা  পেলেচ বুলিও কোৱা হয়। ৰাজকীয় সকলো স- সুবিধা থকা এই অত্যন্ত  বিলাসী ৰে’ল ‘পেলেচ অন হুইলছে’ বিশ্বৰ দ্বিতীয়খন বিলাসী ট্ৰেভেল ট্ৰেইন হিচাপেও স্বীকৃতি  লাভ কৰিছে।ৰাজকীয় সা-সুবিধাৰে ভৰা এই ৰে’লখনেৰে ৭ ৰাতি ৮ দিনৰ এই যাত্ৰাত বুণ্ডী আৰু আজমেৰকো অন্তৰ্ভুক্ত কৰা হৈছে।

Previous Post

চীনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জিয়াং জেমিনৰ দেহাৱসান

Next Post

”মিভি মডেল ই’ স্মাৰ্টৱাচ মুকলি কৰি স্মাৰ্টৱাচ খণ্ডত প্ৰৱেশ ‘মিভি’ৰ

Related Posts

স্মাৰ্টফোনত পেন-আধাৰৰ দ্ৰুত সংযোগ কৰিলে  কিমান টকা খৰচ হ’ব জানেনে ?
অৰ্থনীতি

স্মাৰ্টফোনত পেন-আধাৰৰ দ্ৰুত সংযোগ কৰিলে কিমান টকা খৰচ হ’ব জানেনে ?

March 29, 2023
প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ সামান্য বৃদ্ধি, কেন্দ্ৰই সেউজ সংকেত দিলেই পাব নতুন নিৰিখ
অৰ্থনীতি

প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ সামান্য বৃদ্ধি, কেন্দ্ৰই সেউজ সংকেত দিলেই পাব নতুন নিৰিখ

March 28, 2023
ৰেচন কাৰ্ড সন্দৰ্ভত চৰকাৰৰ নতুন নিয়ম
অৰ্থনীতি

ৰেচন কাৰ্ড সন্দৰ্ভত চৰকাৰৰ নতুন নিয়ম

March 24, 2023
কোন হ’ল ‘গ্ৰামাৰলি’ৰ নতুন ভাৰতীয় মূলৰ চি.ই.অ’?
অৰ্থনীতি

কোন হ’ল ‘গ্ৰামাৰলি’ৰ নতুন ভাৰতীয় মূলৰ চি.ই.অ’?

March 23, 2023
আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই
অৰ্থনীতি

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
পেঞ্চন নাথাকিলে অৱসৰৰ পিছত ধন ক’ত বিনিয়োগ কৰি লাভৱান হ’ব ?
অৰ্থনীতি

পেঞ্চন নাথাকিলে অৱসৰৰ পিছত ধন ক’ত বিনিয়োগ কৰি লাভৱান হ’ব ?

March 17, 2023
Next Post
”মিভি মডেল ই’ স্মাৰ্টৱাচ মুকলি কৰি স্মাৰ্টৱাচ খণ্ডত প্ৰৱেশ ‘মিভি’ৰ

''মিভি মডেল ই' স্মাৰ্টৱাচ মুকলি কৰি স্মাৰ্টৱাচ খণ্ডত প্ৰৱেশ ‘মিভি’ৰ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7