VOICE 24x7
Wednesday, June 29, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

“পৃথিৱীৰ আটাইতকৈ দৰিদ্ৰ দেশবোৰৰ ভিতৰত আৰু অধিক দৰিদ্ৰ হৈ পৰিছে এখন দেশ “

সংস্থাপন হেৰুৱাই পথৰ দাঁতিত খাদ্য বিক্ৰী কৰিছে আফগানিস্তানৰ এজন টিভি ঘোষকে

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
June 17, 2022
in অৰ্থনীতি
“পৃথিৱীৰ আটাইতকৈ দৰিদ্ৰ দেশবোৰৰ ভিতৰত আৰু অধিক দৰিদ্ৰ হৈ পৰিছে এখন দেশ “
0
SHARES
13
VIEWS
Share on FacebookShare on Twitter

এজন ঘোষক হিচাপে আফগানিস্তানৰ সংবাদ মাধ্যমৰ সৈতে জড়িত হৈ আছিল মুছা মহম্মদী যি বৰ্তমান আফগানিস্তানৰ অৰ্থনৈতিক সংকটৰ মাজত  পথৰ দাঁতিত খাদ্য বিক্ৰী কৰা আৰম্ভ কৰিছে ।

দেশখনৰ নিয়ন্ত্ৰণ তালিবানৰ হাতলৈ যোৱাৰ  পিছৰে পৰা যথেষ্ট অৰ্থনৈতিক আৰু ৰাজনৈতিক অস্থিৰতাৰ সন্মুখীন হৈছে আফগানিস্তান । ইয়াৰ পূৰ্বে হামিদ কাৰজাই চৰকাৰৰ সৈতে কাম কৰা কবীৰ হকমলৰ শেহতীয়া টুইটাৰ পোষ্টত দেখুওৱা হৈছে যে দেশৰ কিমান জন প্ৰতিভাশালী পেছাদাৰীক দৰিদ্ৰতাৰ ফালে ঠেলি দিয়া হৈছে।

শ্ৰীযুত হকমলে ইতিমধ্যে এজন আফগান সাংবাদিক মুছা মহম্মদীৰ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। শিৰোনামটোত শ্ৰীযুত হকমলে কৈছে যে, শ্ৰীযুত মহম্মদী বহু বছৰ ধৰি মিডিয়া খণ্ডৰ অংশ আছিল, অৱশ্যে, আফগানিস্তানৰ এনে এক ভয়ংকৰ অৰ্থনৈতিক পৰিস্থিতিৰ মাজত, তেওঁ এতিয়া খাদ্য বিক্ৰী কৰি আছে।

লগতে তেওঁ কয় যে,’’মুছা মহম্মদীয়ে আফগানিস্তানৰ বিভিন্ন টিভি চেনেলত ঘোষক  আৰু বাতৰি পৰিবেশক  হিচাপে বহু বছৰ ধৰি কাম কৰিছিল কিন্তু  এতিয়া তেওঁৰ পৰিয়ালক পোহপাল দিবলৈ কোনো উপাৰ্জন নাই সেয়ে তেওঁ   উপাৰ্জনৰ বাবে এতিয়া  ষ্ট্ৰীট ফুড বিক্ৰী কৰে। গণৰাজ্যৰ পতনৰ পিছত আমি অফগানসকল  অভূতপূৰ্ব দৰিদ্ৰতাৰ সন্মুখীন হওঁ” ।

শ্ৰীযুত মহম্মদীৰ কাহিনী বৰ্তমান ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে।যি ৰাষ্ট্ৰীয় ৰেডিঅ’ আৰু দূৰদৰ্শনৰ মহানিৰ্দেশক আহমেদুল্লাহ ৱাছিকৰো দৃষ্টি আকৰ্ষণ কৰিছিল। জনপ্ৰিয় সামাজিক মাধ্যম প্লেটফৰ্ম টুইটাৰত এটি  টুইট যোগে  শ্ৰীযুত ৱাছিকে উল্লেখ কৰে যে, তেওঁ প্ৰাক্তন টিভি ঘোষক  আৰু বাতৰি পৰিবেশক গৰাকীক তেওঁৰ বিভাগত নিযুক্তি দিব।

ইফালে, তালিবানে আফগানিস্তান দখল কৰাৰ পিছৰে পৰা দেশখনে মানৱীয় আৰু অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈ আহিছে। তেওঁলোকে সংবাদ মাধ্যমৰ ওপৰতো কঠোৰ পদক্ষেপ লৈছে ৷ কেইবাজনো সাংবাদিকে, বিশেষকৈ মহিলাসকলে যোৱা কেইমাহমানত কৰ্ম সংস্থাপন হেৰুৱাইছে।

বিশ্ব বেংকে শেহতীয়াকৈ কৈছিল যে ২০২১ চনৰ শেষৰ চাৰি মাহত জনমূৰি উপাৰ্জন এক তৃতীয়াংশতকৈও অধিক হ্ৰাস হোৱাৰ সৈতে আফগানিস্তানৰ অৰ্থনীতিয়ে  এক ভয়ংকৰ ৰূপ ল’ব। আফগানিস্তানৰ  বিশ্ব বেংকৰ জ্যেষ্ঠ  অৰ্থনীতিবিদ টবিয়াছ হকে কয়, “পৃথিৱীৰ আটাইতকৈ দৰিদ্ৰ দেশবোৰৰ ভিতৰত এখন দেশ আৰু অধিক দৰিদ্ৰ হৈ পৰিছে।”

Journalists life in #Afghanistan under the #Taliban. Musa Mohammadi worked for years as anchor & reporter in different TV channels, now has no income to fed his family. & sells street food to earn some money. #Afghans suffer unprecedented poverty after the fall of republic. pic.twitter.com/nCTTIbfZN3

— Kabir Haqmal (@Haqmal) June 15, 2022

 

Previous Post

ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ ভাতৃৰ ঘৰত চিবিআইয়ে কিয় চলালে তালাচী অভিযান ?

Next Post

আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ১২০ সংখ্যক জন্ম দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছো

Related Posts

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ ‘ৰিটেইল ইউনিট’ৰ অধ্যক্ষ হিচাপে মনোনীত হ’ব  ঈশা আম্বানী
অৰ্থনীতি

ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ ‘ৰিটেইল ইউনিট’ৰ অধ্যক্ষ হিচাপে মনোনীত হ’ব ঈশা আম্বানী

June 29, 2022
আকৌ বৃদ্ধি পালে নেকি সোণ-ৰূপৰ দাম ?
অৰ্থনীতি

আকৌ বৃদ্ধি পালে নেকি সোণ-ৰূপৰ দাম ?

June 28, 2022
কিয়  পালন কৰা হয়  বিশ্ব   এমএছএমই   দিৱস ?
অৰ্থনীতি

কিয় পালন কৰা হয় বিশ্ব এমএছএমই দিৱস ?

June 27, 2022
মুদ্ৰাস্ফীতি, ইউক্ৰেইনৰ যুদ্ধ আৰু তীব্ৰ প্ৰতিযোগিতাই ‘নেটফ্লিক্স’ৰ গ্ৰাহকৰ বৃদ্ধিৰ ওপৰত পেলাইছে প্ৰভাৱ
অৰ্থনীতি

মুদ্ৰাস্ফীতি, ইউক্ৰেইনৰ যুদ্ধ আৰু তীব্ৰ প্ৰতিযোগিতাই ‘নেটফ্লিক্স’ৰ গ্ৰাহকৰ বৃদ্ধিৰ ওপৰত পেলাইছে প্ৰভাৱ

June 24, 2022
২০০ টকাৰ নোট ছপা কৰাৰ ব্যয় ৫০০ টকাৰ নোটৰ তুলনাত অধিক
অৰ্থনীতি

২০০ টকাৰ নোট ছপা কৰাৰ ব্যয় ৫০০ টকাৰ নোটৰ তুলনাত অধিক

June 23, 2022
বিশ্ববজাৰত এক মিশ্ৰিত প্ৰৱণতাৰ মাজত অপৰিৱৰ্তিত হৈ আছে তেলৰ মূল্য
অৰ্থনীতি

বিশ্ববজাৰত এক মিশ্ৰিত প্ৰৱণতাৰ মাজত অপৰিৱৰ্তিত হৈ আছে তেলৰ মূল্য

June 22, 2022
Next Post
আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ১২০ সংখ্যক জন্ম দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছো

আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ১২০ সংখ্যক জন্ম দিৱসত শ্ৰদ্ধাৰে সুঁৱৰিছো

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

নগাঁৱৰ চামগুৰিত নামঘৰৰ সিংহাসন লণ্ড-ভণ্ড,ভাগৱত জ্বলালে,সোণ-ৰূপৰ ফুলি লুট

June 29, 2022
আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

আশ্চৰ্যকৰ !! এতয়াৰ পৰা উদ্ভিদবোৰক আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন নহ’ব নেকি?

June 29, 2022
শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

শিমলুগুৰিৰ পৰা ডিব্ৰুগড়লৈ পুনৰ চলিব কপলিং ছিগা ৰে’ল

June 29, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7