VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কিয় নেটফ্লিক্সে বন্ধ কৰিছে পাছৱৰ্ড শ্বেয়াৰিং ব্যৱসায় ?

বন্ধুৰ নেটফ্লিক্স একাউণ্ট ব্যৱহাৰ কৰিবলৈ দিব লাগিব প্ৰায় ২৫০ টকা

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
January 24, 2023
in অৰ্থনীতি
কিয় নেটফ্লিক্সে বন্ধ কৰিছে পাছৱৰ্ড শ্বেয়াৰিং ব্যৱসায় ?
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

ৰাজহ আৰু গ্ৰাহক বৃদ্ধিৰ বাবে জনপ্ৰিয় অ’.টি.টি. প্লেটফৰ্ম নেটফ্লিক্সে  ব্যৱসায়ৰ ক্ষেত্ৰত বহু নতুন পৰিৱৰ্তন আনিছে। শেহতীয়াকৈ বহুক্ষেত্ৰত  নেটফ্লিক্সে বন্ধ কৰি দিছে পাছৱৰ্ড শ্বেয়াৰিং ব্যৱসায় ।অৱশ্যে প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া ৰিড হেষ্টিংছে যোৱা এই কথা বছৰ প্ৰকাশ কৰিছিল যে নেটফ্লিক্সৰ পাছৱৰ্ড শ্বেয়াৰিং বিকল্প পৰ্যায়ক্ৰমে বন্ধ কৰা হ’ব। এতিয়া নতুন চিইঅ’ গ্ৰেগ পিটাৰ্ছ আৰু টেড চাৰাণ্ডোছে নেটফ্লিক্সত এই পদক্ষেপ গ্ৰহণ কৰিছে।

আনহাতে অতি সোনকালে শেষ হ’ব নেটফ্লিক্সৰ পাছৱৰ্ড শ্বেয়াৰিঙৰ সুবিধা  । অৰ্থাৎ  বন্ধু-বান্ধৱী আৰু আনৰ ওপৰত নিৰ্ভৰশীল ভাৰতীয়সকলে অতি সোনকালে এই প্লেটফৰ্ম ব্যৱহাৰ কৰিবলৈ  দিব লাগিব ধন। যদি কোনো ব্যৱহাৰকাৰীয়ে বন্ধুৰ নেটফ্লিক্স একাউণ্ট ব্যৱহাৰ কৰিব বিচাৰে তেন্তে তেওঁ দিব লাগিব ৩ ডলাৰ  অৰ্থাৎ প্ৰায় ২৫০ টকা ।

মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে কয় যে নেটফ্লিক্সৰ বাবে ধন নিদিয়া বেছিভাগ ব্যৱহাৰকাৰীয়েই এই প্লেটফৰ্ম সঘনাই ব্যৱহাৰ কৰে ।সেয়েহে তেওঁলোকে এইক্ষেত্ৰত  সোনকালে ধন দিব লাগিব। আনহাতে ভাৰতৰ দৰে দেশক গুৰুত্ব দি গ্ৰাহকৰ সংখ্যা ১৫-২০ কোটিলৈ বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰে মুখ্য কাৰ্যবাহী বিষয়া পিটাৰ্ছে। পিটাৰ্ছে কয় যে তেওঁ বিচাৰে যে  সকলোৱে নেটফ্লিক্স ব্যৱহাৰ কৰক আৰু বৰ্তমান ধন নিদিয়াকৈ  নেটফ্লিক্স  ব্যৱহাৰ কৰা সকলে অন্ততঃতেওঁলোকে চোৱা কন্টেন্টৰ বাবে  নেটফ্লিক্সক  ধন পৰিশোধ কৰক  ৷

জানিবপৰা মতে নেটফ্লিক্সে বৰ্তমান কোষ্টা ৰিকা, চিলি, পেৰু আৰু আন কিছুমান দেশত পাছৱৰ্ড শ্বেয়াৰিং বন্ধ কৰা সন্দৰ্ভত  পৰীক্ষা-নিৰীক্ষা  কৰি আছে। শেহতীয়া প্ৰতিবেদন অনুসৰি নেটফ্লিক্সে ২০২৩ চনৰ মাৰ্চ মাহৰ পৰা ভাৰতকে ধৰি অন্যান্য বজাৰত পাছৱৰ্ড শ্বেয়াৰ কৰা বন্ধ কৰিব।

আনহাতে আইপি ঠিকনা, ডিভাইচ আইডি আৰু একাউণ্ট কাৰ্যকলাপৰ জৰিয়তে নতুন পাছৱৰ্ড শ্বেয়াৰিং নিয়ম কাৰ্যকৰী কৰিব নেটফ্লিক্সে । ভাৰতত  ইতিমধ্যে নেটফ্লিক্সে  ১৪৯ টকা, ১৯৯ টকা, ৪৯৯ টকা আৰু ৬৪৯ টকাৰ চাৰিটা প্লেন সুবিধা আগবঢ়াইছে।

Previous Post

🙏 দৈনিক ৰাশি ফল 🙏

Next Post

বিবাহপাশত আবদ্ধ হ’ল আথিয়া আৰু ৰাহুল

Related Posts

স্মাৰ্টফোনত পেন-আধাৰৰ দ্ৰুত সংযোগ কৰিলে  কিমান টকা খৰচ হ’ব জানেনে ?
অৰ্থনীতি

স্মাৰ্টফোনত পেন-আধাৰৰ দ্ৰুত সংযোগ কৰিলে কিমান টকা খৰচ হ’ব জানেনে ?

March 29, 2023
প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ সামান্য বৃদ্ধি, কেন্দ্ৰই সেউজ সংকেত দিলেই পাব নতুন নিৰিখ
অৰ্থনীতি

প্ৰভিডেণ্ট ফাণ্ডৰ সুতৰ হাৰ সামান্য বৃদ্ধি, কেন্দ্ৰই সেউজ সংকেত দিলেই পাব নতুন নিৰিখ

March 28, 2023
ৰেচন কাৰ্ড সন্দৰ্ভত চৰকাৰৰ নতুন নিয়ম
অৰ্থনীতি

ৰেচন কাৰ্ড সন্দৰ্ভত চৰকাৰৰ নতুন নিয়ম

March 24, 2023
কোন হ’ল ‘গ্ৰামাৰলি’ৰ নতুন ভাৰতীয় মূলৰ চি.ই.অ’?
অৰ্থনীতি

কোন হ’ল ‘গ্ৰামাৰলি’ৰ নতুন ভাৰতীয় মূলৰ চি.ই.অ’?

March 23, 2023
আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই
অৰ্থনীতি

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
পেঞ্চন নাথাকিলে অৱসৰৰ পিছত ধন ক’ত বিনিয়োগ কৰি লাভৱান হ’ব ?
অৰ্থনীতি

পেঞ্চন নাথাকিলে অৱসৰৰ পিছত ধন ক’ত বিনিয়োগ কৰি লাভৱান হ’ব ?

March 17, 2023
Next Post
বিবাহপাশত আবদ্ধ হ’ল আথিয়া আৰু ৰাহুল

বিবাহপাশত আবদ্ধ হ’ল আথিয়া আৰু ৰাহুল

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7