বলীউডৰ ‘খিলাড়ী’ অক্ষয় কুমাৰ। হিন্দী চলচ্চিত্ৰ জগতৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনেতাৰ ভিতৰত আছে তেওঁৰ নাম। তিনি দশকৰো অধিক সময় বলিউডত তেওঁ দপদপাই আহিছে । ইমান বছৰৰ অভিনয় জীৱনত তেওঁ কেতিয়াও কোনো দিনে ৮ ঘন্টাতকৈ বেছি শ্বুটিং কৰা নাছিল ৷ এই নিয়মৰ পৰা তেওঁ কেতিয়াও বিচলিত হোৱা নাছিল। কিন্তু এইবাৰ অক্ষয়ে আগন্তুক ছবি ‘ছৰফিৰা’ৰ বাবে সেই নিয়ম ভংগ কৰিবলগীয়া হ’ল।
সময়ৰ প্ৰতি অতি সচেতন অক্ষয় । নিৰ্ধাৰিত সময়ৰ এঘণ্টা আগতে চেটত উপনীত হ’ব কিন্তু নিৰ্ধাৰিত সময়ৰ একমিনিটতকৈ অধিক সময় তেওঁক চেটত ৰখাটো সম্ভৱ নহয়। যোৱা কেইবছৰমানত অক্ষয় কুমাৰে হিট ছবি উপহাৰ দিব পৰা নাই । এইবাৰ তেওঁক “ছৰফিৰা”ত দেখা যাব। তামিল ছবি ‘সুৰৰাই পট্টোৰু’ৰ ৰিমেক চলচ্চিত্ৰ পৰিচালক সুধা কংগ্ৰা প্ৰসাদে কয় যে প্ৰথমতে সকলোৱে ভয় খাইছিল যে কেনেকৈ তেওঁক আঠ ঘণ্টাৰো অধিক শ্বুটিং কৰিবলৈ ক’ব। যদিও পিছত অভিনেতাজনে নিজেই মান্তি হ’ল।
শ্বুটিঙৰ শেষৰ অভিজ্ঞতাৰ কথা কওঁতে সুধাই কয়, “শেষৰ অংশৰ শ্বুটিং বাকী আছিল। যদিও অক্ষয়ৰ সকলো শ্বুট হৈছিল এনে লাগিল যেন চিত্ৰনাট্যৰ স্বাৰ্থত তেওঁৰ প্ৰয়োজন হ’ব পাৰে। গতিকে তেওঁক অনুৰোধ কৰা হ’ল। কিন্তু তেওঁ স্পষ্ট কৰি দিলে যে তেওঁ সময়মতে কাম সম্পূৰ্ণ কৰি অতিৰিক্ত সময় দিয়া সম্ভৱ নহয়। আমি পঞ্চগণিতত শ্বুটিং কৰি আছিলো। তেওঁ সেইদিনা মুম্বাইলৈ উভতি অহাৰ কথা। আমি সকলোৱে ভাবিছিলো যে তেওঁ ঘূৰি আহিছে। কিন্তু পিছদিনা ৰাতিপুৱাৰ পৰা তেওঁ সময়মতে চেটত উপস্থিত হৈছিল।” প্ৰথমবাৰৰ বাবে নিয়ম ভংগ কৰিলে অক্ষয়ে। সকলোৱে ভাবিছিল অভিনেতাজন বৰ সুখী হ’ব। কিন্তু আচলতে তেওঁ প্ৰমাণ কৰিলে যে তেওঁ এজন পেছাদাৰী।