জনপ্ৰিয় ছবি ‘হেৰী পটাৰ’ খ্যাত আইৰিছ-ব্ৰিটিছ অভিনেতা মাইকেল গাম্বনৰ দেহাৱসান ঘটিছে । ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ অভিনেতাগৰাকীয়ে। প্ৰায় পাঁচ দশকজোৰা অভিনয় কেৰিয়াৰত মাইকেলে বহু স্মৰণীয় চৰিত্ৰত অভিনয় কৰিছিল ৷ অৱশ্যে ‘হেৰী পটাৰ’ ফ্ৰেঞ্চাইজি ছবিখনত ‘ডাম্বলড’ৰ’ৰ চৰিত্ৰত অভিনয়ে তেওঁক বিশ্বজুৰি জনপ্ৰিয় কৰি তুলিছিল ৷বাৰ্ধক্য আৰু নিউমোনিয়াৰ বাবেই অভিনেতাগৰাকীৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ।
মঞ্চৰ পৰাই আৰম্ভ হৈছিল মাইকেলৰ অভিনয় জীৱন। অভিনেতা হিচাপে তেওঁ তিনিওটা মাধ্যমতে সাৱলীল আৰু সমানে পাকৈত আছিল ৷ থিয়েটাৰ, টেলিভিছন আৰু চলচ্চিত্ৰত সমানেই পাৰদর্শিতাৰে তেওঁ অভিনয় কৰিছিল । শ্বেক্সপীয়েৰৰ নাটকৰ পৰা জে কে ৰাউলিঙৰ চৰিত্ৰলৈকে সকলোতে তেওঁ মনপৰশা অভিনয় কৰিছিল ইংলেণ্ডৰ দুজন ৰজাৰ চৰিত্ৰত তেওঁ অভিনয় কৰিছিল। মাইকেলে ‘দ্য লষ্ট প্ৰিন্স’ত সপ্তম এডৱাৰ্ড ৰজা আৰু ‘দ্য কিংছ স্পীচ’ত ৰজা পঞ্চম জৰ্জৰ চৰিত্ৰত অভিনয় কৰিছিল মাইকেলে। কেৱল সেয়াই নহয়, তেওঁ ব্ৰিটিছ কিংবদন্তি প্ৰধানমন্ত্ৰী উইন্সটন চাৰ্চিলৰ চৰিত্ৰতো কৰিছিল। কেৱল সেয়াই নহয়, মাইকেলে ‘লেয়াৰ কেক’, ‘দ্য ইনচাইডাৰ’ৰ দৰে ছবিত হাস্যমধুৰ চৰিত্ৰত অভিনয় কৰি নিজৰ বহুমুখী অভিনয় দক্ষতা প্ৰদর্শন কৰিছিল । ১৯৯৯ চনত দ্বিতীয় ৰাণী এলিজাবেথে তেওঁক নাইট উপাধি প্ৰদান কৰে। তেতিয়াৰ পৰাই তেওঁ ছাৰ মাইকেল গাম্বন নামেৰে পৰিচিত হৈ পৰে।
২০০৪ চনত মাইকেলে ‘হেৰী পটাৰ’ ফ্ৰেঞ্চাইজিত অভিনয় কৰে। ইয়াৰ পূৰ্বে ৰিচাৰ্ড হেৰিছে ‘হেৰী পটাৰ’ ছিৰিজৰ প্ৰথম দুখন ছবিত হগৱাৰ্টছৰ হেডমাষ্টাৰ ডাম্বলড’ৰৰ চৰিত্ৰত অভিনয় কৰিছিল। মৃত্যুৰ পিছত মাইকেলে ধাৰাবাহিকখনৰ তৃতীয়খন ছবিত ডাম্বলডোৰৰ চৰিত্ৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে। ‘হেৰী পটাৰ’ ছিৰিজৰ শেষৰখন ছবিলৈকে দৰ্শক আৰু অনুৰাগীয়ে তেওঁক ডাম্বলড’ৰ নামেৰে চিনি পাইছিল।