VOICE 24x7
Monday, September 25, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ডাক্তৰে প্ৰথমবাৰ কেন্সাৰৰ কথা কওঁতে কি আছিল জনপ্ৰিয় অভিনেতা সঞ্জয় দত্তৰ প্ৰতিক্ৰিয়া ?

এতিয়া কেনে আছে মুন্নাভাই ?

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
January 13, 2023
in মনোৰঞ্জন
ডাক্তৰে প্ৰথমবাৰ কেন্সাৰৰ কথা কওঁতে কি আছিল জনপ্ৰিয় অভিনেতা সঞ্জয় দত্তৰ  প্ৰতিক্ৰিয়া  ?
0
SHARES
36
VIEWS
Share on FacebookShare on Twitter

বলীউড জগতৰ মুন্না ভাই খ্যাত জনপ্ৰিয় অভিনেতা  সঞ্জয় দত্ত যাৰ অভিনয় প্ৰতিভাই ভাৰতৰে নহয় সমগ্ৰ বিশ্ববাসীৰ মন জয় কৰিব পাৰে ৷ কিন্তু অভিনেতা গৰাকী কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বাতৰিয়ে তেওঁৰ অনুৰাগী সকলৰ মনত যথেষ্ট আঘাত দিছিল ৷  কিন্ত এই অভিনেতা গৰাকীয়ে তেওঁৰ কৰ্কট ৰোগ ধৰা পৰাৰ সময়ত এক  সিদ্ধান্ত লৈছিল যে তেওঁৰ মৃত্যু হ’লেও তেওঁ কেমোথেৰাপি নলয় ।

শেহতীয়াকৈ এক অনুষ্ঠানৰ সময়ত তেওঁ এই কথা প্ৰকাশ কৰি কৈছিল যে ডাক্তৰে কেন্সাৰৰ কথা কওঁতে তেওঁৰ প্ৰথম প্ৰতিক্ৰিয়া কি আছিল !তেওঁ  জানিবলৈ দিয়া মতে প্ৰথম অৱস্থাত তেওঁ  এই বিষয়ে অৱগত নাছিল। তেওঁৰ কঁকালৰ বিষ হৈছিল আৰু গৰম পানীৰ বেগ  আৰু বিষনাশক ঔষধেৰে তেওঁৰ চিকিৎসা অৰম্ভ হৈছিল। কিন্তু এদিন যেতিয়া তেওঁ  উশাহ ল’ব পৰা নাছিল তেতিয়াই তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। কিন্তু কেন্সাৰ হোৱাৰ তেতিয়ালৈকে জনা  নাছিল অভিনেতা গৰাকীয়ে ৷

৬৩ বছৰীয়া সঞ্জয় দত্তই লগতে  কয় যে তেওঁৰ পত্নী,  পৰিয়াল বা তেওঁৰ  আত্মীয় সেইসময়ত তেওঁৰ ওচৰত কোনো নাছিল। সেইসময়ত তেওঁ  অকলে আছিল যেতিয়া হঠাতে ডাক্তৰ  আহি ক’লে যে তেওঁৰ কেন্সাৰ হৈছে।  তেওঁৰ পত্নী ডুবাইত আছিল বাবে  তেওঁৰ ভগ্নী প্ৰিয়া  তেওঁৰ ওচৰলৈ আহিছল। সেই ভয়াবহ খবৰটো পোৱাৰ পিছত অভিনেতা গৰাকীৰ  প্ৰথম প্ৰতিক্ৰিয়া আছিল এনেকুৱা যে গোটেই জীৱনটো  তেওঁৰ চকুৰ সন্মুখত জলজল পটপটকৈ  ভাঁহি  উঠিছিল।

অৱশ্যে অভিনেতা গৰাকীয়ে কোৱা মতে তেওঁৰ পৰিয়ালত আছে  কৰ্কট ৰোগৰ এক ইতিহাস ।তেওঁৰ মাতৃ নাৰ্গিছৰ পেনক্ৰিয়াটিক কেন্সাৰত আৰু পত্নী ৰিচা শৰ্মাৰ মগজুৰ কৰ্কট ৰোগত মৃত্যু হয়।

কেমোথেৰাপি নোহপৱাকৈ ,কোনো চিকিৎসা নকৰাকৈয়ে কৰ্কট ৰোগৰ সৈতে যুঁজ দিয়াৰ ইচ্ছা থকা অভিনেতা গৰাকীৰ নাছিল মৃত্যু ভয়  ৷ কিন্তু এই খবৰ পোৱাৰ পিছত  পৰিয়ালটো ছিন্নভিন্ন হোৱা দেখি তেওঁ ভাবিছিল যে যদি তেওঁ  নিজেই  ভাঙি যায় তেন্তে পৰিয়ালৰ লোকসকল দুখী  হৈ পৰিব আৰু সেয়ে তেওঁ কেন্সাৰৰ বিৰুদ্ধে যুঁজিবলৈ সিদ্ধান্ত লয়।

২০২১ চনৰ আগষ্ট মাহত সঞ্জয় দত্ত কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ কথা  প্ৰথমবাৰৰ বাবে চৰ্চালৈ আহিছিল। দৰাচলতে উশাহ-নিশাহত কিছু অসুবিধা হোৱাৰ পিছত তেওঁক মুম্বাইৰ লীলাৱতী হাস্পতালত ভৰ্তি কৰোৱা হয়, য’ত তেওঁৰ কিছু পৰীক্ষা কৰা হয়। ইয়াৰে  পিছতে তেওঁৰ হাওঁফাওঁৰ কৰ্কট ৰোগ ধৰা পৰে ।চিকিৎসক সকলে তেওঁৰ চতুৰ্থ পৰ্যায়ৰ কৰ্কট ৰোগ হোৱা বুলি দাবী কৰিছিল ৷  মুম্বাইৰ কোকিলাবেন হাস্পতালতে  চিকিৎসা গ্ৰহণ কৰিছিল বলীউড অভিনেতা গৰাকীয়ে ।

অৱশ্যে কৰ্কট ৰোগ ধৰা পৰাৰ দুমাহৰ পাছত সঞ্জয় দত্তৰ ঘনিষ্ঠ বন্ধু ৰাজ বংশালে তেওঁ কেন্সাৰ মুক্ত হোৱা বুলি অৱগত কৰিছিল। আচলতে সঞ্জুৰ পজিট্ৰন ইমিছন টম’গ্ৰাফী (পিইটি) ৰিপ’ৰ্টত তেওঁ কেন্সাৰমুক্ত বুলি ধৰা পৰিছিল। পি ই টি স্কেনক আটাইতকৈ সঠিক কেন্সাৰ পৰীক্ষা বুলি গণ্য কৰা হয়, য’ত ৰোগীৰ কেন্সাৰ কোষৰ অৱস্থা কি তাক জানিব পৰা যায়  ।

যোৱা বছৰ তেওঁ কানাড়া চিনেমাত ‘কে জি এফ চেপ্টাৰ ২’ ছবিৰ জৰিয়তেও পুনৰ আত্মপ্ৰকাশ কৰিছিল, যিখন ছবিয়ে  ১২৫০ কোটি টকাতকৈ অধিক ধন সংগ্ৰহ কৰি কেৱল ব্লকবাষ্টাৰ হোৱাই নহয়, ২০২২ চনৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপেও  পৰিগণিত হৈছিল।সঞ্জয় দত্তৰ আগন্তুক ছবিৰ ভিতৰত এইবাৰ ডাঙৰ পৰ্দাত মুক্তি পাব ‘দ্য গুড মহাৰাজা’ আৰু ‘ঘুডচাধি’

Previous Post

বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ক্ৰুজ মুকলি প্ৰধানমন্ত্ৰীৰ , বাৰাণসীৰ পৰা বাংলাদেশ হৈ আহিব ডিব্ৰুগড়লৈ, প্ৰতিজন যাত্ৰীৰ ব্যয় হ’ব ২০ লাখ টকা

Next Post

চাৰি বছৰৰ পাছত বিমানত হেৰুওৱা বেগ ওভতাই পালে যাত্ৰীয়ে, বিমানসংস্থাই দিলে ক্ষতিপুৰণো

Related Posts

ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ নতুন ছবি তৰা’জ হাজবেণ্ড
মনোৰঞ্জন

ছবিগৃহত মুক্তি পালে ৰীমা দাসৰ নতুন ছবি তৰা’জ হাজবেণ্ড

September 22, 2023
দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা
মনোৰঞ্জন

দেৱবাদ্য খোলক অপমানঃ বিপদত “কাল্টিভেটৰ” অৰূপ বৰুৱা

September 15, 2023
ৰাঘৱ –পৰিনীতিৰ বিবাহলৈ ১০ দিন , আৰম্ভ হৈছে পূর্ণ প্ৰস্তুতি, কোন কোন হ’ব আলহী ?
মনোৰঞ্জন

ৰাঘৱ –পৰিনীতিৰ বিবাহলৈ ১০ দিন , আৰম্ভ হৈছে পূর্ণ প্ৰস্তুতি, কোন কোন হ’ব আলহী ?

September 14, 2023
এ আৰ ৰহমানৰ অনুষ্ঠানত বিশৃংখলতা, পদপিষ্ট হ’ল দর্শনার্থী,টিকেট ক্ৰয় কৰাৰ পাছতো  বহু লোকে প্ৰৱেশ কৰিব নোৱাৰিলে সংগীতানুষ্ঠানত
মনোৰঞ্জন

এ আৰ ৰহমানৰ অনুষ্ঠানত বিশৃংখলতা, পদপিষ্ট হ’ল দর্শনার্থী,টিকেট ক্ৰয় কৰাৰ পাছতো বহু লোকে প্ৰৱেশ কৰিব নোৱাৰিলে সংগীতানুষ্ঠানত

September 11, 2023
২৯ বছৰত ভৰি থোৱা ৰবিজিতা গগৈৰ অভিনয় প্ৰতিষ্ঠানৰ বৃহৎ নাট্য আয়োজন, ৮-১০ ছেপ্টেম্বৰত কলাক্ষেত্ৰত জিৰছং থিয়েটাৰৰ স্বয়ম নাট সমাৰোহ
মনোৰঞ্জন

২৯ বছৰত ভৰি থোৱা ৰবিজিতা গগৈৰ অভিনয় প্ৰতিষ্ঠানৰ বৃহৎ নাট্য আয়োজন, ৮-১০ ছেপ্টেম্বৰত কলাক্ষেত্ৰত জিৰছং থিয়েটাৰৰ স্বয়ম নাট সমাৰোহ

September 6, 2023
বৈষ্ণোদেৱীৰ পাছত তিৰুপতি দৰ্শন, নতুন ছবি মুক্তিৰ পূর্বে মন্দিৰে মন্দিৰে শ্বাহৰুখ
মনোৰঞ্জন

বৈষ্ণোদেৱীৰ পাছত তিৰুপতি দৰ্শন, নতুন ছবি মুক্তিৰ পূর্বে মন্দিৰে মন্দিৰে শ্বাহৰুখ

September 5, 2023
Next Post
চাৰি বছৰৰ পাছত বিমানত হেৰুওৱা বেগ ওভতাই পালে যাত্ৰীয়ে, বিমানসংস্থাই দিলে ক্ষতিপুৰণো

চাৰি বছৰৰ পাছত বিমানত হেৰুওৱা বেগ ওভতাই পালে যাত্ৰীয়ে, বিমানসংস্থাই দিলে ক্ষতিপুৰণো

No Result
View All Result
  • কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    কুনোৰ চিতাই জয় কৰিব নোৱাৰিল মৃত্যুৰ ভয়?

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • সহকর্মীক দুর্ব্যৱহাৰ, নিলম্বিত মঙলদৈৰ মহিলা আৰক্ষী বিষয়া

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

দীঘলীপুখুৰী পাৰত শিলসাঁকোৰ উচ্ছেদিতৰ মৌন প্ৰতিবাদ

September 23, 2023
দুই ছেং  মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

দুই ছেং মাছ সৰবৰাহকাৰীক আৰক্ষীৰ গ্ৰেপ্তাৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত ছেং মাছৰ কিমান দাম জানেনে ?

September 22, 2023
এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

এছিয়া কাপ পৰাজয়ৰ পিছত বাবৰৰ সৈতে পাকিস্তানৰ ব’ৰ্ডৰ বৈঠক, বিদেশী লীগত খেলাত নিষেধাজ্ঞা?

September 22, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7