যোৱা বছৰ ববি দেউলে ‘এনিমেল’ ছবিখনৰ জৰিয়তে লাইমলাইটলৈ আহিছিল। বহুতে কয় যে সন্দীপ ৰেড্ডী বাংগাৰ ছবিখনে তেওঁক কেৰিয়াৰৰ নতুন ইনিংছ আৰম্ভ কৰাত সহায় কৰিছিল। ছবিখনত খলনায়কৰ চৰিত্ৰত অভিনয় কৰি ববিয়ে দৃষ্টি আকৰ্ষণ কৰিছিল। আকৌ এবাৰ খলনায়কৰ ৰূপত ডাঙৰ পৰ্দাত দেখা যাব ধৰ্মেন্দ্ৰ-পুত্ৰক।
জুনিয়ৰ এন টি আৰ আৰু জাহ্নৱী কাপুৰৰ নতুন ছবি ‘দেবাৰা’ ছবিত তেওঁক দেখা যাব ৷ এই ছবিখনত ছৈফ আলী খানক খলনায়কৰ চৰিত্ৰত দেখা যাব। সূত্ৰৰ দাবী যে ছবিখনত খলনায়কৰ আন এটা চৰিত্ৰ আছে। তাত নির্মাতাসকলে ববিৰ কথা ভাবিছে। প্ৰাৰম্ভিক পৰ্যায়ত অভিনেতাজনৰ সৈতে কথা বতৰাও চলিছে ৷
সূত্ৰসমূহে দাবী কৰিছে যে ছৈফে ‘দেবাৰা: পাৰ্ট ৱান’ত মুখ্য খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছে। ছবিখনৰ শেষৰ ফালে ববিক চিনাকি কৰাই দি নিৰ্মাতাসকলে আচৰিত কৰিব বিচাৰিছে। ছবিখনৰ ছিকুৱেলত দৰ্শকে ছৈফ আৰু ববীক আৰম্ভণিৰ পৰা শেষলৈকে দেখা পাব। ইয়াৰ পূৰ্বে খলনায়কৰ চৰিত্ৰত কেইবাবাৰো দৃষ্টি আকৰ্ষণ কৰিছে ছৈফে। তেওঁৰ লগত থকা ববিৰ যুটিটো দৰ্শকে ভাল পায় নে নাই তাৰ বাবে অপেক্ষা কৰিব লাগিব ৷
এই বছৰতে মুক্তি পোৱাৰ কথা আছিল দেবাৰা। কিন্তু নিৰ্মাতাসকলে সময়মতে ভিএফএক্সৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰিলে। গতিকে ছবিখনৰ মুক্তি পিছুৱাই দিয়া হৈছে। অহা অক্টোবৰ মাহত মুক্তি পাব ছবিখন।