সঞ্জয় দত্তই লাভ কৰা নাই ব্ৰিটেইনৰ ভিছা। ফলত তেওঁৰ আগন্তুক ছবিসমূহৰ শ্বুটিঙক লৈ অনিশ্চয়তাৰ সৃষ্টি হৈছে । কমেও দুখন ছবিৰ শ্বুটিংৰ ক্ষেত্ৰত অনিশ্চয়তাই দেখা দিছে।
২০১২ চনত মুক্তি লাভ কৰিছিল ‘ছন অৱ চৰ্দাৰ’। বক্স অফিচত এই সফল ছবিখনৰ ছিকুৱেল ‘ছন অৱ চৰ্দাৰ ২’ৰ শ্বুটিং আৰম্ভ হ’বলৈ ওলাইছে। অজয় দেৱগন আৰু মৃণাল ঠাকুৰ অভিনীত ছবিখনত সঞ্জয় দত্তক খলনায়ক হিচাপে দেখা যাব । ছবিখনৰ এটা ডাঙৰ অংশ স্কটলেণ্ডত শ্বুটিং হ’বলগীয়া আছিল। কিন্তু অভিনেতাগৰাকীৰ ভিছাৰ আবেদন নাকচ কৰিলে ব্ৰিটেইনে। ১৯৯৩ চনত টাডা আইনৰ অধীনত দোষী সাব্যস্ত হোৱা সঞ্জয়ক ভিছা দিবলৈ অস্বীকাৰ কৰিছে দেশখনে ৷ ফলত সঞ্জয় ছবিখনৰ পৰা আঁতৰি থাকে। জনা যায় যে তেওঁৰ ঠাইত ৰবি কিষাণ দেখা যায়।
১৯৯৩ চনৰ এপ্ৰিল মাহত মুম্বাই বিস্ফোৰণৰ লগত জড়িত থকাৰ অভিযোগত টাডা আইনৰ অধীনত সঞ্জয় দত্তক গ্ৰেপ্তাৰ কৰা হৈছিল। ২০১৩ চনৰ মাৰ্চ মাহত উচ্চতম ন্যায়ালয়ে টাডা আৰু অস্ত্ৰ আইনৰ অধীনত দোষী সাব্যস্ত হোৱাৰ পিছত পাঁচ বছৰৰ কাৰাদণ্ডৰ নিৰ্দেশ দিছিল। ২০১৬ চনত মুক্তি লাভ কৰিছিল সঞ্জয় দত্তই । তেতিয়াৰ পৰাই তেওঁ নিয়মীয়া অভিনয়ৰ সৈতে জড়িত হৈ আছে। মাজতে অসুস্থতাৰ বাবে বিৰতি লৈছিল। এইবাৰ তেওঁ চলচ্চিত্ৰ জগতলৈ ঘূৰি আহিব বুলি আশা কৰা হৈছিল।
সঞ্জয়ৰ আনখন ছবি ‘হাউছফুল ৫’তো ব্ৰিটেইনৰ ভিছা নোপোৱাৰ বাবে সমস্যাৰ সন্মুখীন হ’ব পাৰে। অহা ছেপ্টেম্বৰ মাহত লণ্ডনত ছবিখনৰ দৃশ্যগ্ৰহণৰ কথা। জানিব পৰা মতে প্ৰযোজক ছাজিদে সিদ্ধান্ত লৈছে যে ভিছাৰ সমস্যা হ’লে বাকী তাৰকাসকলৰ শ্বুটিং লণ্ডনত হ’ব, কিন্তু তেওঁ সঞ্জয়ৰ সৈতে মুম্বাইত শ্বুটিং কৰিব। ফলত ‘হাউছফুল ৫’ৰ ক্ষেত্ৰত সমস্যাৰ সম্ভাৱনা কম।