সাত বছৰ পূর্বে সাক্ষাৎ হোৱা দিনটোতে অৱশেষত বিবাহপাশত আৱদ্ধ হ’ল বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী সোণাক্ষী সিনহা আৰু অভিনেতা জাহিৰ ইকবাল ৷ সকলো বাধা অতিক্ৰম কৰি দেওবাৰে আনুষ্ঠানিকভাৱে তেওঁলোক বিবাহপাশত আৱদ্ধ হয় ৷ ছ’চিয়েল মিডিয়াত বিয়াৰ ছবি শ্বেয়াৰ কৰিছে দম্পতীহালে।
সোনাক্ষী সিনহা আৰু জাহিৰ ইকবালৰ বিবাহ সন্দৰ্ভত বিগত এসপ্তাহ ধৰি জল্পনা-কল্পনাৰ সৃষ্টি হৈ আহিছিল । কিন্তু শুকুৰবাৰৰ পৰা ছবিখন স্পষ্ট হৈ পৰে। শনিবাৰে অভিনেত্ৰীগৰাকীৰ ঘৰত অনুষ্ঠিত হোৱা মেহেন্দী অনুষ্ঠানৰ পৰা আৰম্ভ কৰি পূজালৈকে সকলো অনুষ্ঠানৰ ছবি প্ৰকাশ পাইছে ৷ দেওবাৰে পুৱা আইনীভাৱে বিবাহপাশত আবদ্ধ হয় জাহিৰ-সোনাক্ষী।
বিশেষ দিনটোত সোণাক্ষীয়ে বগা ৰঙৰ পোছাক পৰিধান কৰে ৷ দৰা জহিৰ ইকবালৰ ঘৰৰ পৰা কইনালৈ পঠিয়াইছিল এই পোছাকযোৰ। দেওবাৰে সন্ধিয়া ৮ বজাৰ পৰা আৰম্ভ হ’ল সোণাক্ষী-জাহিৰৰ অভ্যৰ্থনা। য’ত সোণাক্ষী সিনহাক ৰঙা শাৰী পৰিধান কৰা দেখা যায় ৷ বলিউডৰ বহু তাৰকাই ভিৰ কৰে অভ্যর্থনা অনুষ্ঠানত ৷