এবছৰ ধৰি কেমেৰাৰ পৰা লুকুৱাই ৰখা ক্ৰিকেটাৰ বিৰাট কোহলি আৰু অভিনেত্ৰী অনুষ্কা শর্মাৰ কন্যাৰ ফটো প্ৰকাশ পোৱাৰ পাচতে ব্যাপক চর্চা লাভ কৰিছে ছচিয়েল মিডিয়াত ৷ দক্ষিণ আফ্ৰিকাত মেচ উপভোগ কৰি থকাৰ সময়তে অফিচিয়েল ব্ৰডকাষ্টাৰৰ কেমেৰাত ধৰা পৰিছিল ভামিকাৰ ফটো ৷ ইয়াৰ পাছতে ছচিয়েল মিডিয়াত ভামিকাৰ ফটো একপ্ৰকাৰ ভাইৰেল হৈ পৰে ৷ অৱশ্যে ইয়াৰ পাছতে তাৰকা দম্পত্তিয়ে ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তেওঁলোকৰ অজ্ঞাতে ভামিকাৰ ফটো কেমেৰাত ধৰা পৰিছিল বুলি প্ৰকাশ কৰিছে অনুষ্কা শর্মাই ৷
ইনষ্টাগ্ৰাম ষ্ট’ৰীজত অনুষ্কাই এইদৰে লিখিছে -, “আমাৰ কন্যাৰ ফটো কালি ষ্টেডিয়ামত তোলা হৈছিল আৰু তাৰ পিছত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছিল। আমি গম পোৱা নাছিলো যে কেমেৰাটো আমাৰ ফালে আছিল। ভামিকাৰ ফতো প্ৰকাশৰ ক্ষেত্ৰত আমাৰ স্থিতি আৰু অনুৰোধ একেই অছে । আমি আগতে বৰ্ণনা কৰা কাৰণত যদি ভামিকাৰ ছবিবোৰ ক্লিক অথবা প্ৰকাশ কৰা নহয় তেন্তে আমি সঁচাকৈয়ে কৃতজ্ঞ হ’ম ৷”
উল্লেখ্য যে পূর্বেও অনুষ্কা আৰু বিৰাটে পাপাৰাজ্জি আৰু সংবাদ মাধ্যমক একাধিক বাৰ তেওঁলোকৰ কন্যাৰ ফটো প্ৰকাশ নকৰিবলৈ অনুৰোধ জনাইছিল বিশেষকৈ সন্তানৰ গোপনীয়তাৰ বাবে ফটো প্ৰকাশ নকৰিবলৈ আহ্বান জনাইছিল তাৰকা দম্পত্তিয়ে ৷