পাঞ্জাৱ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কনভয় প্ৰতিবাদকাৰীয়ে আৱদ্ধ কৰি ৰখাৰ প্ৰসংগই সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ আজি সমগ্ৰ বিষয়টো উত্থাপন হয় উচ্চতম ন্যায়ালয়ৰ মজিয়াত ৷ এই সন্দর্ভত দাখিল কৰা এখন আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে প্ৰধানমন্ত্ৰী গৰাকীৰ পাঞ্জাৱ ভ্ৰমণৰ সমগ্ৰ তথ্য সুৰক্ষিত কৰি ৰাখিবলৈ নির্দেশ দিছে ৷ তাৎক্ষণিকভাৱে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ মহাপঞ্জীয়কক এই তথ্যসমূহ সুৰক্ষিত কৰি ৰাখিবলৈ উচ্চতম ন্যায়ালয়ে নির্দেশ দিছে ৷ সংশ্লিষ্ট চৰকাৰকো যাৱতীয় তথ্যসমূহ মহাপঞ্জীয়কক প্ৰদান কৰিবলৈ সর্ব্বোচ্চ ন্যায়ালয়ে নির্দেশ দিছে ৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰী গৰাকীয়ে যোৱা বুধবাৰে কেইবাটাও কার্যসূচীৰে পাঞ্জাৱলৈ ৰাওনা হৈছিল ৷ ভাতিণ্ডাৰ পৰা গন্তব্যস্থানলৈ গাড়ীৰে গৈ থকা অৱস্থাত মোদীৰ কনভয় আৱদ্ধ কৰি ৰাখিছিল প্ৰতিবাদকাৰীয়ে ৷ যাৰ বাবে প্ৰধানমন্ত্ৰী গৰাকীৰ সকলো কার্যসূচী বাতিল কৰা হৈছিল ৷ ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে এই বিষয়টোক লৈ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দক সাক্ষাৎ কৰিছে ৷