VOICE 24x7
Saturday, April 1, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভৰি স্পৰ্শ কৰিয়েই কিয় নিলম্বিত হ’ল মহিলা অভিযন্তা ?

নিজৰ কৰ্তব্য এৰি ৰাষ্ট্ৰপতিৰ নিৰাপত্তা প্ৰট’কল উলংঘা কৰাৰ অভিযোগ ৰাজস্থান চৰকাৰৰ

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
January 14, 2023
in আইন
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভৰি স্পৰ্শ কৰিয়েই  কিয় নিলম্বিত হ’ল মহিলা অভিযন্তা ?
0
SHARES
38
VIEWS
Share on FacebookShare on Twitter

যোধপুৰ ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভৰি স্পৰ্শ কৰা এগৰাকী মহিলা অভিযন্তাক ৰাজস্থান চৰকাৰে নিলম্বন কৰাৰ বাতৰিয়ে সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।শুকুৰবাৰে  সন্ধিয়া এই ব্যৱস্থা গ্ৰহণ কৰে ৰাজস্থান চৰকাৰে। মহিলা বিষয়াগৰাকীয়ে কৰ্তব্য এৰি ৰাষ্ট্ৰপতিৰ নিৰাপত্তা প্ৰট’কল উলংঘা কৰাৰ অভিযোগ উ্থাপন কৰি নিলম্বন কৰা হ’ল কৰ্তব্যৰত অভিযন্তা গৰাকীক।

উল্লেখযোগ্য যে এই নিলম্বন এনে এটা সময়ত সংঘটিত হৈছে যি সময়ত  কৰ্ণাটকৰ হুবলীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰোডশ্ব’ৰ সময়ত এজন ল’ৰা তেওঁৰ  ওচৰলৈ যোৱাৰ বাতৰি  সমগ্ৰ দেশতে এক চৰ্চাৰ বিষয় হৈ পৰিছে। জানিব পৰা মতে, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ হস্তক্ষেপত ৰাজস্থানৰ জনস্বাস্থ্য অভিযান্ত্ৰিক বিভাগে (পি এইচ ই ডি) এই ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হৈছে মহিলা বিষয়াগৰাকীক ।

আচলতে চলিত বৰ্ষৰ ৪ জানুৱাৰীত সংঘটিত হৈছিল এই ঘটনা, যেতিয়া ৰাষ্ট্ৰপতি মুৰ্মুৱে ৰোহাটত স্কাউট গাইড জাম্বোৰীৰ উদ্বোধনী কাৰ্যসূচীত অংশ গ্ৰহণ কৰিছিল। সেইসময়তে পি এইচ ই ডিৰ কনিষ্ঠ অভিযন্তা আম্বা ছিউলে নিজৰ কৰ্তব্য পাহৰি ৰাষ্ট্ৰপতিৰ ভৰি চুবলৈ চেষ্টা কৰে। ছিউলৰ পানীৰ  ব্যৱস্থা চাবলৈ আম্বা অনুষ্ঠানত উপস্থিত আছিল যদিও তেওঁ ৰাষ্ট্ৰপতিৰ নিৰাপত্তাৰ প্ৰট’কল ভংগ কৰি হঠাতে আগবাঢ়ি আহি ৰাষ্ট্ৰপতিৰ ভৰি চুবলৈ চেষ্টা কৰে। অৱশ্যে নিৰাপত্তাৰক্ষীয়ে তেওঁক বাধা প্ৰদান কৰে। এই ঘটনাৰ পিছত তেওঁক আনুষ্ঠানিকভাৱে স্থানীয় আৰক্ষীয়েও জেৰা কৰে যদিও তাৰ পিছত তেওঁক মুকলি কৰি দিয়া হয়।

কিন্তু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই ঘটনা নিৰীক্ষণ কৰাৰ পিছত এই ঘটনাক ৰাষ্ট্ৰপতিৰ নিৰাপত্তাৰ ক্ষেত্ৰত এক গুৰুতৰ দোষ হিচাপে  গণ্য কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৰাজস্থান চৰকাৰ আৰু ৰাজস্থান আৰক্ষীৰ পৰা প্ৰতিবেদন বিচাৰে  আৰু তাৰ পিছতেই  সংশ্লিষ্ট বিভাগৰ মুখ্য অভিযন্তাই কনিষ্ঠ মহিলা অভিযন্তা আম্বা ছিউলক নিলম্বন কৰাৰ নিৰ্দেশ জাৰি কৰে।

राष्ट्रपति द्रौपदी मुर्मू के पैर छूने वाली की इंजीनियर को प्रोटोकॉल उल्लंघन करने पर विभाग ने किया सस्पेंड @ABPNews @SachinPilot @ashokgehlot51 @rashtrapatibhvn @PMOIndia @DrSatishPoonia @iampulkitmittal @srameshwaram @santprai pic.twitter.com/wzrADmGoVc

— करनपुरी (@abp_karan) January 14, 2023

Previous Post

প্ৰতি বছৰে স্বামীৰ দীৰ্ঘায়ু কামনা কৰি ভাৰতবৰ্ষৰ এটি সম্প্ৰদায়ে পালন কৰে এই আচৰিত পৰম্পৰা

Next Post

ভোগালীৰ উৰুকা উপলক্ষে মুখ্যমন্ত্ৰীলৈ অসম মীন উন্নয়ন নিগমৰ উপহাৰ

Related Posts

ৰাজনীতিবিদসকলে  ধর্মক ৰাজনীতিৰ  সৈতে সানমিহলি কৰিছে, ঘৃণামুলক ভাষণক লৈ ক্ষুন্ন উচ্চতম ন্যায়ালয়
আইন

ৰাজনীতিবিদসকলে ধর্মক ৰাজনীতিৰ সৈতে সানমিহলি কৰিছে, ঘৃণামুলক ভাষণক লৈ ক্ষুন্ন উচ্চতম ন্যায়ালয়

March 30, 2023
ডিলিমিটেচনলৈ প্ৰত্যাহ্বান? জিলা বিলুপ্তিকৰণক লৈ আদালতৰ প্ৰশ্নৰ সন্মুখীন চৰকাৰ : ৪ সপ্তাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী হাইকোৰ্টৰ
আইন

ডিলিমিটেচনলৈ প্ৰত্যাহ্বান? জিলা বিলুপ্তিকৰণক লৈ আদালতৰ প্ৰশ্নৰ সন্মুখীন চৰকাৰ : ৪ সপ্তাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী হাইকোৰ্টৰ

March 15, 2023
পুৰুষক সংগ দিবলৈ মহিলা ৰাজি হোৱা মানেই যৌন সম্পর্কৰ সন্মতি নহয় – দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূর্ণ নির্দেশ
আইন

পুৰুষক সংগ দিবলৈ মহিলা ৰাজি হোৱা মানেই যৌন সম্পর্কৰ সন্মতি নহয় – দিল্লী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূর্ণ নির্দেশ

March 15, 2023
সত্য এতিয়া মিছাৰ বলি হৈছে, সমাজত কমিছে সহনশীলতা ! কিয় উদ্বেগ প্ৰকাশ কৰিলে মুখ্য ন্যায়াধীশে
আইন

সত্য এতিয়া মিছাৰ বলি হৈছে, সমাজত কমিছে সহনশীলতা ! কিয় উদ্বেগ প্ৰকাশ কৰিলে মুখ্য ন্যায়াধীশে

March 4, 2023
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ললিতা কুমাৰীৰ ৰায়ৰ ভিত্তিত এজাহাৰ পঞ্জীয়ন কৰিবলৈ নির্দেশ দিছে অসমআৰক্ষীক । এই ৰায়টোত কি নির্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে?
আইন

আদানী বিতৰ্কৰ পিছত উচ্চতম ন্যায়ালয়ে শ্বেয়াৰ বজাৰৰ নিৰাপত্তা পৰীক্ষাৰ বাবে গঠন কৰিলে কমিটী, কাৰ নেতৃত্বত গঠন হ’ল কমিটী!!

March 3, 2023
নিৰ্বাচন আয়ুক্তক নিযুক্তি দিব  প্ৰধানমন্ত্ৰী, বিৰোধী নেতা, মুখ্য ন্যায়াধীশৰ কমিটীয়ে : নির্বাচন প্ৰক্ৰিয়া স্বচ্চ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আইন

নিৰ্বাচন আয়ুক্তক নিযুক্তি দিব প্ৰধানমন্ত্ৰী, বিৰোধী নেতা, মুখ্য ন্যায়াধীশৰ কমিটীয়ে : নির্বাচন প্ৰক্ৰিয়া স্বচ্চ কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

March 2, 2023
Next Post
ভোগালীৰ উৰুকা উপলক্ষে  মুখ্যমন্ত্ৰীলৈ অসম মীন উন্নয়ন নিগমৰ  উপহাৰ

ভোগালীৰ উৰুকা উপলক্ষে মুখ্যমন্ত্ৰীলৈ অসম মীন উন্নয়ন নিগমৰ উপহাৰ

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

সাগৰৰ মাজতে জ্বলি উঠিল নাও , ৩১ জনৰ মৃত্যু

March 31, 2023
শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

শনিবাৰে জেলৰ পৰা মুকলি হ’ব নৱজোৎ সিং সিদ্ধু, উচ্চতম ন্যায়ালয়ে বিহিছিল এবছৰৰ সশ্ৰম কাৰাদণ্ড

March 31, 2023
‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

‘মোডী হাটাও’, প্ৰধানমন্ত্ৰীৰ গৃহৰাজ্যতে পোষ্টাৰ ,গুজৰাটত গ্ৰেপ্তাৰ ৮ জন

March 31, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7