আধুনিক জীৱন যাপন বা খাদ্যাভ্যাসৰ বাবে শৰীৰত নানা ধৰণৰ বেমাৰে দেখা দিয়ে। পাইলচ বা অৰ্শ ৰোগ ইয়াৰ ভিতৰত এবিধ। সদায় কোষ্ঠকাঠিন্য , গেছ, বদহজমৰ নিচিনা দীৰ্ঘদিনীয়া সমস্যা থাকিলে এই সমস্যাই পাইলচৰ ৰূপ ল’য়। পাইলচত আক্ৰান্ত হ’লে মলদ্বাৰত বিষৰ সৃষ্টি হয় আৰু এই বিষ মলদ্বাৰৰ বাহিৰ আৰু ভিতৰত হয়। এনে অৱস্থাত মলত্যাগ কৰিবলৈ যথেষ্ঠ অসুবিধা হয়। বিষ যন্ত্ৰণাৰ লগতে ৰক্তক্ষৰণ হোৱাও দেখিবলৈ পোৱা যায়। দিনৰ পিছত দিন এই সমস্যাত ভূগিলে ভয়াবহ ৰূপ ধাৰণ কৰিব পাৰে। চিকিৎসাৰ লগতে জীৱন যাপন পদ্ধতিৰ প্ৰতি সচেতন থাকিলে পাইলচৰ পৰা হাত সাৰি থাকিব পাৰি। ইয়াৰ উপৰিও কিছুমান ঘৰুৱা উপায় অৱলম্বন কৰিলে পাইলচ ৰোগৰ পৰা পৰিত্ৰাণ পাব পাৰি। এই ঘৰুৱা উপায় বোৰৰ বিষয়ে জানো আহকচোন এই প্ৰতিবেদন যোগে
১)। ইছৱগুল :- শৰীৰত ফাইবাৰৰ পৰিমাণ কম থাকিলে মলত্যাগ কৰাত কষ্ট হয় আৰু তেতিয়াই কোষ্ঠকাঠিন্য আৰু পাইলচৰ সমস্যাই দেখা দিয়ে। সেয়েহে ৰাতিৰ আহাৰ গ্ৰহণ কৰাৰ পাছত ইছৱগুল খাব লাগে। ইছৱগুলত প্ৰচুৰ পৰিমাণে ফাইবাৰ থকাৰ বাবে মলত্যাগ কৰাত সহায় কৰে। ১ গিলাচ পানীত ১ চামোচ ইছৱগুল মিহলাই খাব লাগে।
২)। এলোভেৰা :- ছালৰ সু স্বাস্থ্যৰ বাবে এলোভেৰা ব্যৱহাৰ কৰা হয় যদিও পাইলচৰ সমস্যা দূৰ কৰাতো সহায় কৰে এল’ভেৰাই। এলোভেৰাত এণ্টি ইনফ্লেমেটৰি উপাদান থকাৰ বাবে অন্ত্ৰৰ প্ৰদাহ কমোৱাত সহায় কৰে। মলদ্বাৰৰ বিষ উপশম কৰিবলৈ সেই ঠাইত এলোভেৰা জেল লগালে আৰাম পোৱা যায়। তাৰোপৰি এলোভেৰাৰ জুছ খালে পেট পৰিষ্কাৰ হয়।
৩)। বৰফ :- পাইলচৰ বিষত কষ্ট পাই থাকিলে ক’ল্ড কমপ্ৰেছ কৰিব পাৰে। অৰ্থাৎ দিনত ১৫ মিনিট সময় বৰফ লগালে বিষ আৰু জ্বলা ভাৱৰ পৰা পৰিত্ৰাণ পোৱা যায়। কিন্তু পোনে পোনে বৰফ লগাব নালাগে। এখন টাৱেলত বৰফ সোমোৱাই ব্যৱহাৰ কৰিব পাৰি বা আইচ পেক লগাব পাৰি।
৪)। ফাইবাৰ সমৃদ্ধ খাদ্য :- ভুল খাদ্যাভ্যাসৰ বাবে পাইলচৰ সমস্যা বাঢ়ে। গতিকে খাদ্য খোৱাৰ প্ৰতি সচেতন থাকিবই লাগিব। কোষ্ঠকাঠিন্য আৰু পাইলচৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰচুৰ ফাইবাৰ সমৃদ্ধ খাদ্য প্ৰতিদিনে খাদ্য তালিকাত ৰাখিব লাগে। ফাইবাৰে মল কোমল কৰাৰ লগতে পেট পৰিষ্কাৰ কৰাত সহায় কৰে। ইয়াৰ ফলত মলদ্বাৰৰ বিষ আৰু জ্বলা ভাৱ নোহোৱা হয়। ফাইবাৰ যুক্ত খাদ্য হিচাপে শাক পাচলি,ফল আৰু মগু মাহ আদি খাব পাৰে।