শৰীৰত খাদ্যপ্ৰাণ ‘গ’ ৰ অভাৱ হ’লেই যিকোনো বয়সতে গাৰ ছাল সোতোৰা পৰিব পাৰে। গাৰ ছাল সাধাৰণতে বয়সস্থ লোকৰহে সোতোৰা পৰা দেখা যায়। দেহত পানীৰ পৰিমাণ কমি গলেও গাৰ ছাল সোতোৰা পৰিব পাৰে। গাৰ ছাল সোতোৰা নপৰাকৈ কেনেকৈ ৰাখিব পাৰি জানো আহক এই প্ৰতিবেদন যোগে —
১) কেঁচা আমলখি ৮/১০ টা পিহি গা , মূৰ , হাত , ভৰি আদিত ঘঁহি আমলখিৰ ৰসেৰে গা ধুলে ছাল নিমজ হয়। এনেদৰে কিছুদিন ব্যৱহাৰ কৰিলে অকালতে চুলি পকাও কমে আৰু আয়ুস বৃদ্ধি হয়।
২) কেঁচা হালধি খুন্দি গাত ঘঁহিলে আৰু ৰস ২০ গ্ৰামকৈ ৰাতিপুৱা খালে গাৰ ছাল সোতোৰা পৰা কমি ছাল নিমজ হয়।
৩) সুমথিৰা টেঙাৰ ৰস ২০ গ্ৰামকৈ নাইবা গোলনেমুৰ ৰস ২০ গ্ৰাম ৰস দৈনিক নিয়মীয়াকৈ কিছুদিন খাব লাগে।
৪) জেতুকা পাতৰ ৰস সানিলেও উপকাৰ পোৱা যায়।
৫) পকা আমৰ ৰস গাখীৰৰ লগত খালে যথেষ্ট উপকাৰ পোৱা যায়।
আমলখি , আপেল , ৰবাব টেঙা , নেমু , সুমথিৰা , চকলা টেঙা , চজিনাৰ পাত , কেঁচা জলকীয়া , বন্ধাকবি , মধুৰিআম , বিলাহী , দৈ , মৌ আদি খোৱা ছালৰ বাবে উপকাৰী। ইয়াৰ উপৰিও পানী আৰু ফলৰ ৰস যথেষ্ট পৰিমাণে খাব লাগে।
আহকচোন এই উপায়েৰে আমিও সুন্দৰ আৰু নিৰোগী ছালৰ অধিকাৰী হৈ থাকো।