আমাৰ প্ৰত্যেকেই দিনটোত কমেও দুইৰ পৰা তিনি লিটাৰ পানী খাব লাগে, যাতে শৰীৰে প্ৰয়োজনীয় পানী পায় আৰু প্ৰদূষকবোৰ বাহিৰ কৰি দিয়ে। কিন্তু ব্যস্ত জীৱনত পৰ্যাপ্ত পানী খোৱা সম্ভৱ নহয়! সুস্থ হৈ থাকিবলৈ পানীৰ লগত কোনো ধৰণৰ আপোচ কৰিব নালাগে। আৰু এই কাৰণেই বহুতে ‘ডিটক্স পানী’ৰ ওপৰত নিৰ্ভৰ কৰে।
যদি শৰীৰত পানীৰ অভাৱ নাথাকিলে হজম শক্তি ভাল হয় ৷ কোষ্ঠকাঠিন্য সমস্যাৰ বাবেও ‘ডিটক্স পানী’ ভাল। ইয়াৰ উপৰিও এই ভিটামিন সমৃদ্ধ পানী নিয়মিত সেৱন কৰাটো ছালৰ বাবে উপকাৰী। বিভিন্ন ফল-মূল পানীত তিয়াই খালে পেট ভৰি থাকে আৰু ভোক কমি যায়। ফলত ওজন কমাবলৈ সহজ হয়। ইয়াৰ বাবে অফিচত আৰু ঘৰত বহি ‘ডিটক্স পানী’ৰ চুমুক দিয়ে বহুতে । কিন্তু যিকোনো বস্তু বেছিকৈ খোৱাটো শৰীৰৰ বাবে ভাল নহয়। “ডিটক্স পানী” সঠিক পৰিমাণত আৰু সঠিক নিয়মত সেৱন নকৰিলে শৰীৰৰ ক্ষতিও হ’ব পাৰে।
১)প্ৰয়োজনতকৈ অধিক ডিটক্স পানী খালে শৰীৰত ছডিয়ামৰ মাত্ৰা কমি যায়। অত্যধিক প্ৰস্ৰাৱৰ ফলত তেজত ছডিয়ামৰ মাত্ৰা কমি গ’লে ভাগৰুৱা অৱস্থা হয়। গোটেই দিনটো টোপনি অহা, বমি, মূৰৰ বিষ আদি হয় । শৰীৰৰ কাৰ্যক্ষমতাও কমি যায়।
২) শৰীৰৰ বাবে প্ৰয়োজনীয় পানীৰ পৰিমাণ প্ৰতিজন ব্যক্তিৰ ওজন আৰু কৰ্মক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে। কোনে কিমান পানী খাব সেই পানীৰ চাহিদাৰ ওপৰত নিৰ্ভৰ কৰিব। কেইবাটাও ৰোগত পানীৰ পৰিমাণ কমাব লাগে। সেই ক্ষেত্ৰত অধিক পানী খালে শৰীৰত জমা হ’বলৈ আৰম্ভ কৰে। পানী জমা হোৱাটো একেবাৰেই ভাল লক্ষণ নহয়।
৩) অতিৰিক্ত ডিটক্স পানী খালে খাদ্য খোৱাৰ প্ৰৱণতা হ্ৰাস পায় ৷ ফলত শৰীৰত ভিটামিন আৰু খনিজ পদাৰ্থৰ অভাৱ হ’ব পাৰে। গতিকে দৈনন্দিন খাদ্যত পৰ্যাপ্ত পৰিমাণৰ ভিটামিন আৰু খনিজ পদাৰ্থ নাথাকিলে বিভিন্ন শাৰীৰিক সমস্যা আৰম্ভ হ’ব পাৰে।
৪)ডিটক্স পানীয়ে সাময়িকভাৱে ওজন কমাবলৈ সহায় কৰে। কিন্তু এই প্ৰথা দীৰ্ঘদিন ধৰি চলি থাকিলে বিপাকীয় হাৰ কমি যায়। গেছৰ সমস্যা হ’ব পাৰে। শৰীৰৰ পেশীবোৰ দুৰ্বল হৈ পৰে।
৫) পেশীৰ বিষ, বুকুৰ বিষ, বৃক্ক আৰু যকৃতৰ সমস্যা হব পাৰে। প্ৰয়োজনতকৈ অধিক পানী খোৱাৰ ফলতো হৃদযন্ত্ৰৰ ওপৰত চাপ পৰে। ফলত হৃদৰোগৰ সম্ভাৱনা বাঢ়ি যায়।