পদুম ফুল
ইংৰাজী নামঃ– Lotus
বৈজ্ঞানিক নামঃ-Nakumbo Nucifera Gaertin
পদুম ফুল বুলিলেই আমাৰ চকুত ভাঁহি আহে ডাঙৰ ডাঙৰ পাতেৰে সৈতে এপাহ ধুনীয়া ফুল। পদুম ফুল বিলত হয় আৰু ৰাষ্ট্ৰীয় ফুল হিচাপে স্বীকৃত। বগা ,গুলপীয়া , নীলা আদি বিভিন্ন ৰঙৰ ফুলপাহ আমাৰ সকলোৰে মৰমৰ। মহাকাব্য ৰামায়ণতো নীলপদ্মৰ উল্লেখ আছে। বিভিন্ন পূজা- পাৰ্বণত পদুম ফুলৰ ব্যৱহাৰ হোৱাৰ উপৰিও ঔষধি গুণেৰে ভৰপূৰ পদুমফুল।
পদুমফুলৰ গুটি যাক আমি চাক বুলি কওঁ , খাবলৈ সোৱাদময় হোৱাৰ উপৰিও আছে বহুত উপকাৰ।
পদুম ফুলৰ পাত ডাঙৰ আৰু বন্ধাকবিৰ পাতৰ দৰে।পাতৰ কাম কেইবা খণ্ডৰ বিভক্ত অৰ্থাৎ ঢৌ খেলোৱা।পাতবিলাক বোৰ সুন্দৰকৈ সজোৱা থাকে। পদুমফুলৰ পাতবোৰো ঔষধি গুণেৰে ভৰপূৰ-
১) পদুমফুলৰ পাত ঔষধ হিচাপে ব্যৱহাৰ হয় যদিও গোটেই গছ জোপাই ঔষধত ব্যৱহাৰ হয়।
২) ব্লাডাৰ অসুবিধা , বহুমূত্ৰ , প্ৰস্ৰাৱত ৰক্ত পৰিলে , গ্ৰহণী আৰু ৰক্তহীনতা ৰোগৰ বাবে পদুমৰ পাত উপকাৰী।
৩) পদুমৰ পাতে প্ৰস্ৰাৱ কৰোৱাত সহায় কৰে।
৪) কেঁচুমুৰীয়া , টিউমাৰ ফোঁহা আৰু পুৰণি ছালৰ ৰোগ পদুম পাতৰ ৰসে দূৰ কৰিব পাৰে।
৫) পদুম পাতৰ ৰসে বেমাৰৰ বীজাণু নাশ কৰে।
৬) পদুম পাতৰ শুকান গুড়া মৌৰ লগত খালে যৌন সম্পৰ্কীয় ৰোগ দূৰ হয়।