দুই তিনিদিন বৰষুণ দিলেও গৰম হ্ৰাস পোৱা নাই ৷ শৰীৰৰ বাহিৰেও এই গ্ৰীষ্মকালত চকুৰ যত্ন লোৱা উচিত। চকুৰ চিকিৎসকৰ মতে অতিৰিক্ত গৰমে চকুৰ গুৰুতৰ ক্ষতি কৰিব পাৰে। দীৰ্ঘদিন ধৰি প্ৰবল সূৰ্যৰ পোহৰত থাকিলে ছানি পৰা ৰোগ হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়, আনকি ৰেটিনাৰ ক্ষতিও হয়। সূৰ্য্যৰ অতি বেঙুনীয়া ৰশ্মিয়ে কেৱল ছালৰ ক্ষতি কৰাই নহয়, এই ৰশ্মিয়ে চকুতো প্ৰভাৱ পেলায়।
বহু সময় ৰ’দত থকাৰ পিছত বহুতৰে চকু জ্বলা-পোৰা কৰে, চকু ৰঙা পৰে, চকুৰ পতা ফুলি উঠে। বহু লোকে অধিক ৰ’দৰ সংস্পৰ্শলৈ অহাৰ বাবে ভাইৰেল আৰু বেক্টেৰিয়াজনিত কনজাংটিভাইটিছৰো ৰোগত আক্ৰান্ত হয়। এই সমস্যাৰ উপৰিও চকুৰ পতা গুৰিতে কিছুমান তেলগ্ৰন্থি থাকে। এই গ্ৰন্থিৰ সংক্ৰমণৰ বাবেও সমস্যাৰ সৃষ্টি হয়। গৰমৰ দিনত চকুৰ যত্ন নোলোৱাটোৱেও অন্ধতা আৰু কেন্সাৰ হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰে। গ্ৰীষ্মকালত চকু ভাল কৰি ৰাখিবলৈ কি কি নিয়ম মানি চলিব লাগিব?
১) কনটেক্ট লেন্স পিন্ধিলে বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগে। লেন্স লগোৱাৰ আগতে হাত ধুব লাগে । লেন্স পৰিষ্কাৰ নহ’লে ৰ’দৰ তাপ আৰু প্ৰদূষণে চকুত সংক্ৰমণ বৃদ্ধি কৰিব।
২) চকু দুটা ছানগ্লাছেৰে ঢাকি ৰখাটো কেৱল ফেশ্বনেবলেই নহয় ,ই গ্ৰীষ্মকালত অতি প্ৰয়োজনীয়। কিন্তু কেৱল যিকোনো ছানগ্লাছ ব্যৱহাৰ কৰিব নালাগে। চকুক অতি বেঙুনীয়া-এ (Ultraviolet Ray A) আৰু অতি বেঙুনীয়া-বি(Ultraviolet Ray B) ৰশ্মিৰ পৰা ৰক্ষা কৰা ছানগ্লাছ ব্যৱহাৰ কৰাটো ভাল।
৩) আপোনাৰ কনটেক্ট লেন্সে অতি বেঙুনীয়া ৰশ্মিৰ পৰা সুৰক্ষা প্ৰদান কৰিলেও ছানগ্লাছ পিন্ধিব লাগে। তেতিয়াহে গোটেই চকুৱে কঠোৰ ৰ’দৰ পৰা সুৰক্ষা পাব।
৪) গ্ৰীষ্মকালত শৰীৰত পানীৰ অভাৱ হ’লে যিধৰণে শৰীৰত সমস্যা হ’ব পাৰে, সেইদৰে চকুৰ স্বাস্থ্যৰো ক্ষতি হয়। চকু অত্যধিক শুকান হ’লে চকুৰ খজুৱতি, চকু ৰঙা পৰা ইত্যাদি সমস্যা দেখা যায়। গতিকে গ্ৰীষ্মকালত শৰীৰত পানীৰ অভাৱ কোনো কাৰণতে হ’ব দিব নালাগে ৷
৫) গ্ৰীষ্মকালত বহুতৰে চকু শুকান হয়। তাৰ বাবেই খচখচনি আৰু খজুৱতিৰ সমস্যা বাঢ়ি যায়। গতিকে ডাক্তৰৰ পৰামৰ্শ মতে গৰমৰ বাবে চকুৰ ড্ৰ’প ব্যৱহাৰ কৰাটো ভাল। বাহিৰলৈ ওলাই গ’লে চকুৰ ড্ৰ’প লগত ৰাখক, মাজে মাজে ব্যৱহাৰ কৰিব লাগে।