কাহিলীপুৱাই পক্ষীৰ কলৰৱত সাৰ পাবলৈ কাৰনো মন নাযায় । পুৱা শান্ত-সমাহিত পৰিৱেশৰ মাজত চৰাইৰ কলৰৱত টোপনি ভাঙিলে তাৰ আমেজেই সুকীয়া ৷ এনে এটা পৰিৱেশৰ বাবে ঘৰৰ কাষতে এখন ফুলনি আপুনি গঢ়ি তুলিব পাৰে ৷ যাতে চৰাইবোৰে ফুলৰ ডালবোৰত ঘূৰি ফুৰিব পাৰে। কিন্তু ফুলনীবাৰীখনত চৰাইবোৰে ভাল পোৱা ফুল নাথাকিলে আপুনি হয়তো তেনে এটা পৰিৱেশ আশা কৰিব নোৱাৰে । কি ফুল ৰোপন কৰিলে আপুনি তেনে পৰিৱেশ আশা কৰিব পাৰে ?
জৱা
ঘৰৰ বাৰীত জবা গছ ৰোপন কৰক । জবা গছৰ আকৰ্ষণলৈ আহিব চৰাই। ৰঙা, গোলাপী, বগা আদি বিভিন্ন ৰঙৰ জবা ফুল বজাৰত পোৱা যায়। গোন্ধ নাথাকিলেও চৰাইবোৰক জবাৰ ৰঙে আকৰ্ষিত কৰিব।
পলাশ
পলাশ এবিধ বসন্তত ফুলা ফুল। বৰ্তমান বাৰিষা হ’লেও বতৰৰ চক্ৰ অনুসৰি বসন্ত আহিব এটা নিৰ্দিষ্ট সময়ত। তেতিয়া আপোনাৰ ঘৰৰ ফুলনিত ফুলি উঠিব পলাশ ৷ পলাশ গছত দেখিব চৰাইৰ বাহ ৷
বৌগানভেলিয়া
এই গভীৰ গোলাপী ৰঙৰ বৌগানভেলিয়া চৰাইৰ প্ৰিয় ফুল । যদি কোনো চৰাইয়ে দূৰৰ পৰা ফুলি থকা বৌগানভেলিয়া দেখা পায় তেন্তে চৰাইৰ জাকে আহি আশ্ৰয় লোৱাটো নিশ্চিত ৷