VOICE 24x7
Thursday, May 19, 2022
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

গুৱাহাটীত ড০ অসমী গগৈ, উমাকান্ত বুঢ়াগোঁহাইৰ গ্ৰন্থ উন্মোচন

নৈতিক ভাৱে সৱল লোকে আত্মজীৱনী লিখিব পাৰে: দিলীপ মহন্ত

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
March 9, 2022
in সাহিত্য
গুৱাহাটীত ড০ অসমী গগৈ, উমাকান্ত বুঢ়াগোঁহাইৰ গ্ৰন্থ উন্মোচন
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী,৯ মাৰ্চ: আজি এক গাম্ভীর্যপূৰ্ণ পৰিবেশত ৰমেশ চন্দ্ৰ বড়া আৰু লিচুমাই বড়া ন্যাসৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত এখনি গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়৷সভাত বিশিষ্টা লেখিকা, মাধ্যমিক শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত সঞ্চালক ড০ অসমী গগৈৰ প্ৰবন্ধ পুথি ‘মন সাগৰত চিন্তাৰ ঢৌ’ উন্মোচন কৰি ‘দৈনিক অসম’ৰ কাৰ্যবাহী সম্পাদক দিলীপ মহন্তই কয় – “অসমৰ পুথিভঁৰালত গ্ৰন্থৰ সংখ্যা কমিছে ৷ পাঠকো নোহোৱা হৈছে। আজিকালি সৰহ সংখ্যক লোকে ম’বাইলত বেছি ব্যস্ত থাকে । ম’বাইলৰ বাবে শোৱণ, খাৱন সকলোতে নেতিবাচক প্ৰভাৱ পৰিছে। আমি মনত ৰখা দৰকাৰ যে গ্ৰন্থ অধ্যয়ন অতীব প্ৰয়োজন।”

বিশিষ্ট সাংবাদিক মহন্তই আৰু কয় : “জীৱন বিচিত্র। প্ৰতিজন মানুহে সাঁচতিয়া অনুভৱবোৰ লিখি যাব লাগে। জীৱন কালতে গ্ৰন্থ ৰূপত ছপাব লাগে। আত্মজীৱনী লিখা টান কাম। নৈতিক ভাৱে সৱল ১লোকে আত্মজীৱনী লিখিব পাৰে। ন-প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ স্পৃহা শিক্ষক সমাজে আনিব পাৰে।” লেখক উমাকান্ত বুঢ়াগোঁহাইৰ ‘গ্ৰন্থ -জ্ঞানৰ স্বৰ্গ’ নামৰ পুথিখন উন্মোচন কৰি সু-সাহিত্যিক, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড০ দয়ানন্দ পাঠকে কয়- পিতা-মাতাৰ প্ৰতি মানুহ শ্ৰদ্ধাশীল হ’ব লাগে। আজিৰ একাংশ লোকে পিতা-মাতাক জীয়াই থাকোঁতে পাহৰি যায় ৷ বিশ্বৰ ভিতৰত ভাৰতীয় সাহিত্য বেছি আগবঢ়া।

কবিতা লিখাটো টান কাম। কিন্তু চেষ্টা কৰিলে সকলো সহজ হৈ পৰে।” দুর্গামণি বৰগোঁহাইয়ে আদৰণি গীত পৰিৱেশন কৰা সভাৰ আঁত ধৰে সাংবাদিক, কবি, লেখক দীপক শৰ্মাই। সভাত বিশিষ্ট অতিথি হিচাপে লেখিকা সংস্থা, অসমৰ সভানেত্ৰী মৃদুলা শৰ্মা আৰু কামৰূপ [মহানগৰ] জিলা সাহিত্য সভাৰ সভাপতি দাসো কলিতাই অংশ লৈ লেখক-লেখিকা দুগৰাকীৰ গ্ৰন্থ দুখনিয়ে জগৎ সভাত স্থান পাব বুলি উল্লেখ কৰে।

“প্ৰাগজ্যোতিষ” সাপ্তাহিক কাকতৰ সম্পাদক শশীপ্ৰভা দাস, অসম সাংস্কৃতিক মহাসভাৰ সভাপতি পবিত্র কুমাৰ শৰ্মা, বিশিষ্ট ভাষাবিদ প্ৰমোদ চন্দ্র ভট্টাচার্য, শিশু সুৰক্ষা আয়োগৰ প্ৰাক্তন অধ্যক্ষা ড০ সুচিত্রা কাকতী, লেখিকা সংস্থা, অসমৰ প্ৰাক্তন সভাপতি মঞ্জুলা শৰ্মা ভট্টাচার্য, ‘বহুবাক’ৰ সভাপতি তথা বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, নেপালী সাহিত্য সভাৰ উপ-সভাপতি নিৰু শৰ্মা পৰাজুলী, সমাজকৰ্মী ঘনশ্যাম শইকীয়া, উত্তৰ গুৱাহাটী সাহিত্য সভাৰ সভাপতি গৌৰীকান্ত কাকতী, ৰমেশ চন্দ্র বড়া আৰু লিচুমাই বড়া ন্যায়ৰ সভাপতি মহেন্দ্র বড়া, কাৰ্যকৰী সভাপতি উমাকান্ত ভট্টাচার্যই সন্মানীয় অতিথি হিচাপে অংশ লৈ চমু বক্তব্য দাঙি ধৰে।

Previous Post

গুৱাহাটীত অনুমতি অবিহনে আহৰণ কৰিছে নেকি ভূ-গর্ভস্থ পানী ! আপোনাৰ বিৰুদ্ধেও হ’ব পাৰে ব্যৱস্থা!

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

আজি মহীৰূহ হোমেন বৰগোঁহাঞিৰ  প্ৰথম মৃত্যুবাৰ্ষিকী
সাহিত্য

আজি মহীৰূহ হোমেন বৰগোঁহাঞিৰ  প্ৰথম মৃত্যুবাৰ্ষিকী

May 12, 2022
৫৬ তম জ্ঞানপীঠ সন্মান গ্ৰহণ কৰি কবি নীলমণি ফুকনে আগবঢ়োৱা ভাষণ
সাহিত্য

৫৬ তম জ্ঞানপীঠ সন্মান গ্ৰহণ কৰি কবি নীলমণি ফুকনে আগবঢ়োৱা ভাষণ

April 12, 2022
‘শালভঞ্জিকা মই জানো ,তুমি সকলো ঋতুৰে’ শীৰ্ষক  কাব্যগ্ৰন্থ উন্মোচন
সাহিত্য

‘শালভঞ্জিকা মই জানো ,তুমি সকলো ঋতুৰে’ শীৰ্ষক কাব্যগ্ৰন্থ উন্মোচন

April 11, 2022
ধাৰাপুৰ চাৰিআলিত “সৃষ্টিৰ অন্বেষ” উন্মোচন
সাহিত্য

ধাৰাপুৰ চাৰিআলিত “সৃষ্টিৰ অন্বেষ” উন্মোচন

April 9, 2022
খানাপাৰাত “বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্যৰ ইতিহাস” গ্ৰন্থ উন্মোচন
সাহিত্য

খানাপাৰাত “বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্যৰ ইতিহাস” গ্ৰন্থ উন্মোচন

March 21, 2022
“বহুবাক”ৰ উদ্যোগত গুৱাহাটীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুভাষিক কবি সন্মিলনত ১৮ টা ভাষাৰ কবিতা পাঠ
সাহিত্য

“বহুবাক”ৰ উদ্যোগত গুৱাহাটীত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বহুভাষিক কবি সন্মিলনত ১৮ টা ভাষাৰ কবিতা পাঠ

March 8, 2022
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    “টাৰ্নিং থাৰ্টি” ৰ মহিলা সকল ধুনীয়া কিয়

    0 shares
    Share 0 Tweet 0
  • শাৰী পিন্ধা নিউজ এংকৰ সকল

    0 shares
    Share 0 Tweet 0
  • লিভাৰ দুৰ্বল হলে দেখা দিয়া লক্ষণ সমূহৰ বিষয়ে জানিবলৈ পঢ়ক

    0 shares
    Share 0 Tweet 0
  • সুন্দৰতাৰ ৰম্যভূমি উকিয়াম

    0 shares
    Share 0 Tweet 0
  • অসমীয়াই আৰু আলফা বিচাৰেনে

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চৰ্চা
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি
  • সাহিত্য

পলকতে

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

আপোনাৰ মুখৰ কপাল -গাল বা ওপৰৰ ওঁঠত অৱাঞ্ছিত লোম আছে নেকি ? আঁতৰ কৰাৰ আছে সুন্দৰ কৌশল – জানো আহক

May 19, 2022
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

May 19, 2022
বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

বানত ক্ষতিগ্রস্ত টেঙাঝাৰ-চেনীগাঁও সংযোগী দলং পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল’লে বিধায়ক ভৱেশ কলিতাই

May 18, 2022
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • অভিমত
  • সংস্কৃতি
  • সাহিত্য
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
  • চৰ্চা

© 2021 All rights reserved by voice 24x7